বাতৰিৰ প্ৰভাৱঃ চিলংনীৰ পৰা গৰাকীয়ে ওভতাই নিলে নিৰুদ্দেশ হোৱা ঘোঁৰা

নিজৰ ঘোঁৰা ওভতাই পাই তেজ বাহাদুৰ সিঙে আনন্দিত হৈ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ লগতে সংবাদ মাধ্যমক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে
বাতৰিৰ প্ৰভাৱঃ চিলংনীৰ পৰা গৰাকীয়ে ওভতাই নিলে নিৰুদ্দেশ হোৱা ঘোঁৰা
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁৱৰ চিলংনীৰ দিলদাৰ হুছেইন নামৰ যুৱক এজনে ২৩ ফেব্ৰুৱাৰীত তেওঁৰ বাৰীত ঘাঁহ খাই থকা অৱস্থাত উদ্ধাৰ কৰিছিল এটা ঘোঁৰা। পৰৱৰ্তী সময়ত ঘোঁৰাৰ গৰাকী নোওলাৱাত যুৱকজনে হয়বৰগাঁও আৰক্ষীক লিখিত ভাৱে ঘটনাটো অৱগত কৰে।

১ মাৰ্চত স‍ংবাদ মাধ্যমত ঘটনা সন্দৰ্ভত সম্প্ৰচাৰ হৈছিল বাতৰি। সেই বাতৰি প্ৰতক্ষ্য কৰাৰ পিছতে শুকুৰবাৰে নগাঁও মৰিকলং চাৰিখুটিৰ ধানৰ বেপাৰ কৰি জীৱন নিৰ্বাহ কৰা তেজ বাহাদুৰ সিঙে সেইটো তেওঁৰ ঘোঁৰা বুলি কোৱাত প্ৰকৃতিপ্ৰেমী যুৱক দিলদাৰ হুছেইন ঘোঁৰাটো তেজ বাহাদুৰ সিংৰ হাতত চমজাই দিয়ে।

আনহাতে নিজৰ ঘোঁৰা ওভতাই পাই তেজ বাহাদুৰ সিঙে আনন্দিত হৈ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ লগতে সংবাদ মাধ্যমক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

বাতৰিৰ প্ৰভাৱঃ চিলংনীৰ পৰা গৰাকীয়ে ওভতাই নিলে নিৰুদ্দেশ হোৱা ঘোঁৰা
ঘিলামৰা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in