নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত 'আপ'ৰ সম্পৰ্ক যাত্ৰা

দলীয় প্ৰাৰ্থীক লগত লৈ মনোজ ধানোৱাৰৰ অভিযান...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত 'আপ'ৰ সম্পৰ্ক যাত্ৰা

ডিজিটেল সংবাদ,নগাঁও/গুৱাহাটীঃ উপ নিৰ্বাচনক লৈ চামগুৰি বিধানসভা সমষ্টিৰ ৰাজনৈতিক বাতাবৰণ কিছু উত্তপ্ত হৈ থকাৰ সময়তে আজি নগাঁও চহৰস্থিত শ্বহীদ ভৱন আৰু চামগুৰিৰ বৰ্মা বজাৰত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ সম্পৰ্ক যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলা আপৰ প্ৰাক্তন সভাপতি যুগান্ত কুমাৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সম্পৰ্ক যাত্ৰা কাৰ্যসূচীত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, চামগুৰিৰ সমষ্টিৰ আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ লগতে দলৰ ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে।

প্ৰায় দুশতকৈ অধিক দলীয় কৰ্মীক সম্বোধন কৰি দলৰ নেতা ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো ৰাজনৈতিক পৰিবৰ্তনৰ বাবে দলৰ কৰ্মী সকলক কাম কৰিবলৈ আহ্বান জনায়। দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিৰ প্ৰতি অসমবাসীৰ আকৰ্ষণ বৃদ্ধি পোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। শ্বহীদ ভৱনত উপস্থিত থকা প্ৰতিগৰাকী দলীয় কৰ্মীক চামগুৰিৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ হকে দেহে- কেহে কাম কৰিবলৈ আহ্বান জনায়।

আনহাতে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে চামগুৰি বিধান সভা সমষ্টিত আপৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, "উপ নিৰ্বাচনৰ পিচত পুনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেও আম আদমী পাৰ্টিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলৰ স্বেচ্ছাসেৱক সকলে এতিয়াৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱা উচিত। "

নগাঁৱৰ সভাত চামগুৰি সমষ্টিৰ বহুসংখ্যক নেতা- কৰ্মীয়ে যোগদান কৰে। দলৰ কৰ্মী নুৰুল আমিন চৌধুৰীয়েও ভাষণত উপ নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি আশা ব্যক্ত কৰে। তদুপৰি আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা, সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া, পুনম গগৈ, অম্লানজ্যোতি হাতীবৰুৱা, ৰুদ্ৰাংকুৰ হাজৰিকাৰ লগতে ৰাজ্যিক নেতৃবৃন্দই নুৰুল আমিন চৌধুৰীৰ বিজয়ৰ বাবে ৰণকৌশল সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

চামগুৰিৰ বৰ্মা বজাৰতো মনোজ ধানোৱাৰৰ সম্পৰ্ক যাত্ৰা অভিযান ৰূপায়ণ কৰে। সমষ্টিটোত দলীয় কৰ্মী সকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। বৰ্মা বজাৰত অন্যান্য দলৰ একাংশ কৰ্মীয়ে আপত যোগদান কৰে। তেওঁলোকে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰে।

Also Read: বিশ্বনাথত সন্ত্ৰাস সৃষ্টি কৰিছে এটা গঁড়েঃ নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ বন বিভাগ...

AAP meeting