নগাঁৱৰ কলঙৰ পাৰ জীপাল কৰিব অভিজ্ঞান-শকুন্তলমে

নগাঁৱৰ কলঙৰ পাৰ জীপাল কৰিব অভিজ্ঞান-শকুন্তলমে

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কলঙৰ পাৰ জীপাল কৰিব অভিজ্ঞান-শকুন্তলমে

ডিজিটেল সংবাদ: সংস্কৃত এটা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, বিশ্বৰ অন্যতম পুৰণি ভাষা বুলি গণ্য কৰা হয়। খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ আশে-পাশে ভাৰত উপমহাদেশত ইয়াৰ উৎপত্তি হৈছিল আৰু ই হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ লিটাৰ্জিকেল ভাষাত পৰিণত হৈছিল। সংস্কৃত প্ৰধানকৈ বেদ, বৈদিক সংস্কৃতত ৰচিত প্ৰাচীন ধৰ্মীয় গ্ৰন্থৰ জৰিয়তে জনা যায়, যিয়ে ভাৰতীয় দৰ্শন, আচাৰ-ব্যৱহাৰ আৰু জ্ঞান ব্যৱস্থাৰ বহুখিনিৰ ভেটি স্থাপন কৰিছিল।

খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ আশে পাশে সংস্কৃতৰ ধ্ৰুপদী ৰূপটোৰ উন্মেষ ঘটিছিল ব্যাকৰণবিদ পাণিনিৰ ৰচনাৰ দ্বাৰা। অষ্টাধ্যায়ীৰ নিটোল আৰু পৰিপূৰ্ণ ভাৰতীয় ভাষাৰ প্ৰথম ব্যাকৰণখনে পণ্ডিতসকলক অনুপ্ৰাণিত কৰিছিল। যুগ যুগ ধৰি সংস্কৃতৰ বিকাশ ঘটি দক্ষিণ এছিয়াৰ বহু ভাষাক প্ৰভাৱিত কৰি হিন্দী, বাংলা, মাৰাঠী আদি বিভিন্ন আধুনিক ভাৰতীয় ভাষাৰ জন্ম দিয়ে। যদিও এতিয়া কথিত ভাষাত নহয় ধৰ্মীয়, সাহিত্যক আৰু বিদ্ধান প্ৰসংগত সংস্কৃত ভাষা জীয়াই আছে। লগতে সংস্কৃতৰ সৈতে নতুন প্ৰজন্মৰ সংযোগ বিকশিত হৈছে, ইয়াৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু ঐতিহাসিক তাৎপৰ্য্যৰ প্ৰতি আগ্ৰহ বাঢ়িছে। বহুতে সংস্কৃতক প্ৰাচীন গ্ৰন্থ, যোগ , ভাৰতীয় পৰম্পৰা বুজি পোৱাৰ চাবি কাঠি হিচাপে লয়।

প্ৰযুক্তিয়ে সংস্কৃত শিক্ষণ অধিক সুলভ কৰি তুলিছে, এপ, অনলাইন পাঠ্যক্ৰম আৰু ডিজিটেল সজুঁলিৰ সহায়ত অধ্যয়নৰ সুবিধা হৈছে। কিন্তু বহুতৰ বাবে ভাষাটো দৈনন্দিন ব্যৱহাৰতকৈ শিক্ষা বা ধৰ্মৰ লগত জড়িত হৈয়েই থাকে। কিছুমান যুৱ শিক্ষাৰ্থীয়ে ইয়াৰ বৌদ্ধিক আৰু ভাষিক মূল্যৰ শলাগ লয়, আন কিছুমানে ইয়াক আধুনিক জীৱনত কম প্ৰাসংগিক বুলি গণ্য কৰে যদিও ইয়াৰ পুণৰুজ্জীৱনক শিক্ষা আৰু সাংস্কৃতিক পদক্ষেপৰ জৰিয়তে উৎসাহিত কৰা হৈছে বা চলি থাকিব।

ইয়াৰ মাজতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু জনপ্ৰিয়তাৰ কাৰণে মধ্য অসমত ১৯৯৯ চনত গঠিত নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই সংস্থাটোৰ ২৫ বছৰত সম্পূৰ্ণ কৰা উপলক্ষে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। কলঙৰ পাৰ জীপাল কৰি ১৯ অক্টোবৰত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত মঞ্চায়ন কৰিব কবি কালিদাসৰ বিশ্ববিশ্ৰুত অভিজ্ঞান শাকুন্তলম্ নামৰ নাটকখনি।

নাটকখনিৰ মূল কাঠামোত আঘাট নকৰাকৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গুণ শইকীয়াই সম্পাদনা আৰু অভিযোজনা কৰা নাটক খনি সংস্কৃত ভাষাতে উপস্থাপন কৰিব। সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু জনপ্ৰিয়তাৰ কাৰণে ব্যতিক্ৰমী পদক্ষেপ স্বৰূপে বিবেচিত হ'বলগীয়া এই প্ৰচেষ্টাত সকলো ৰাইজকে হাত উজান দিবলৈ নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই আহ্বান জনাইছে।

Also Read: ইউনিফাইড কাৰাটে সন্থাৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত মনজিৎ হাজৰিকা

kalangpar