গুৱাহাটীৰ পিছত এইবাৰ নগাঁৱত ফুটিল পানীৰ পাইপ

গুৱাহাটীৰ পিছত এইবাৰ নগাঁৱত ফুটিল পানীৰ পাইপ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : গুৱাহাটীৰ পিছত নগাঁৱত সংঘটিত হৈছে পানীৰ পাইপ ফুটা ঘটনা। নগাঁও চহৰখনৰ ছয় আলিত সংঘটিত হৈছে এই ঘটনা ৷ বিয়লি ছয়আলিত জলজীৱন মিচনৰ পানীৰ পাইপ ফুটি হৈ সমগ্ৰ অঞ্চল জলমগ্ন হয় ৷ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ খাৰঘুলি,ৰাজগড় আৰু শিলপুখুৰীত সংঘটিত হৈছিল অনুৰূপ ঘটনা।

নগাঁও চহৰক সামৰি লোৱা ''অমৰুট আঁচনি''ৰ পাইপ ফুটাৰ পিছত ছয় আলিত ৰাইজৰ মাজত হাহাকাৰ লাগে ৷ পথৰ কাষেৰে পাৰ হৈ যোৱা পানী পৰিবাহী পাইপৰ বিসংগতিৰ বাবে জলবিস্ফোৰণ হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰে ৷

পানীৰ পাইপ ফুটাৰ ফলত স্বাভাবিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে ৷ ইয়াৰোপৰি জলবিস্ফোৰণৰ ফলত ঘটনাৰ উপকণ্ঠ অঞ্চলৰ কেইবাগৰাকী লোকৰ বাসগৃহত পানী সোমাই নানা সমস্যাৰ সৃষ্টি কৰে বুলি জানিব পৰা গৈছে ।

গুৱাহাটীৰ পিছত এইবাৰ নগাঁৱত ফুটিল পানীৰ পাইপ
পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষৰ অভিযানত জব্দ হাতী দাঁত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in