ডিজিটেল সংবাদ, নগাঁও: অসমৰ প্ৰশাসনিক খণ্ডত এক নৱতম সংযোজন হিচাপে আজি নগাঁও জিলাৰ ৰহা সমজিলাৰ শুভ উদ্বোধন কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে। আজি ৰহা লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনৰ প্ৰাঙ্গনত ৰহা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে।
এই উপলক্ষে আয়োজিত এক জনসভাত ভাষণ প্ৰদান কৰি নেওগে এই সমজিলা গঠনক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত এক মাইলৰ খুটি স্বৰূপ পদক্ষেপ বুলি অভিহিত কৰে।
ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে অসমক দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ শাৰীলৈ লৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই প্ৰচেষ্টাক সমজিলা গঠনে এক নতুন গতি প্ৰদান কৰিলে বুলি উল্লেখ কৰে।
মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত এই পদক্ষেপে প্ৰশাসনিক সংস্কাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, তৃণমূল পৰ্য্যায় পৰ্য্যন্ত প্ৰতিজন লোককে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।
আজিৰ সভাত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে পোন প্ৰথমে তেওঁৰ ভাষণত ৰহাক সমজিলা স্বীকৃতি প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক ৰহাবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত সমজিলা গঠনেৰে অসম চৰকাৰে উন্নয়ন ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি তেখেতে মন্তব্য কৰে। ৰহা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মনজ্যোতি বৰাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা এই সভাখনিৰ আদৰণী ভাষণ প্ৰদান কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।
আজিৰ এই অনুষ্ঠানতেই অসম চৰকাৰে দুৰ্গা পূজা সমিতি সমূহলৈ আগবঢ়োৱা আৰ্থিক অনুদান ৰহা ৰাজহচক্ৰৰ অন্তৰ্গত ২৮ খন পূজা কমিটিৰ ১২ খন পূজা কমিটিক অনুদানৰ চেক বিতৰণ কৰে ।
আজিৰ এই অনুষ্ঠানত ৰহা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, ৰহা সমজিলাৰ নৱনিযুক্ত আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা উপস্থিত থাকে।
সমাজকৰ্মী ক্ৰমে অভিজিৎ নাথ, সুবৰ্ণ সিং, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী প্ৰণৱজ্যোতি মচৰং, সহকাৰী আয়ুক্ত সকল, জিলাৰ মুৰব্বী বিষয়া সকল, চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকল, সংবাদকৰ্মী সকল, গণ্যমান্য বিশিষ্ট ব্যক্তি আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
Also Read: জাগীৰোড সমজিলাৰ আনুষ্ঠানিক উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ