ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নগাঁৱৰ নুৰল আমিন ষ্টেডিয়ামত সদৌ অসম ১৩ সংখ্যক আন্তঃজিলা চাব জুনিয়ৰ পুৰুষ হকী চেম্পিয়নশ্বিপ মঙলবাৰৰ পৰা আৰম্ভ হৈছে। সদৌ অসম হকী সন্থাৰ সৌজন্যত অনুষ্ঠিত এই আন্তঃজিলা চাব জুনিয়ৰ পুৰুষ হকী চেম্পিয়নশ্বিপৰ শুভাৰম্ভ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই।
চেম্পিয়নশ্বিপৰ শুভাৰম্ভ কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই "সকলোৱে আগুৱাই যাবই লাগিব। কেতিয়াবা হাৰিলেও এটা কথা মনত ৰাখিবা যে মই আগুৱাই যাব লাগিব। মই নিজৰ বাবেই নহয় দেশৰ বাবে খেলিছোঁ।" বুলি ভাষণ প্ৰদান কৰে।
বাক্সা, চৰাইদেউ, ডিমা হাছাও, চিৰাং, ডিব্ৰুগড়, ধেমাজি, দৰং, কলিয়াবৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, শিৱসাগৰ, গুৱাহাটী, নগাঁও, মৰিগাঁও, কোকৰাঝাৰ, লক্ষীমপুৰ, শিলচৰ, শদিয়া, শোনিতপুৰ, ওদালগুৰি, কৰিমগঞ্জ জিলাৰ ২১ টা হকী দলৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত আন্তঃজিলা চাব জুনিয়ৰ পুৰুষ হকী চেম্পিয়নশ্বিপৰ শুভাৰম্ভ অনুষ্ঠানটিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মা আৰু অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে ভাষন প্ৰদান কৰে।
মাৰ্চ পাৰ্চ, আটচবাজি, গীত নৃত্যৰ সমাহাৰেৰে অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানটি অসম হকী সন্থৰত সম্পাদক তপন দাস, অসমৰ বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, চাজন নায়ক, আন্তঃজিলা চাব জুনিয়ৰ পুৰুষ হকী চেম্পিয়নশ্বিপৰ পৰ্যবেক্ষক ব্ৰজেন কাকতিকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। হকীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ ভাস্কৰ বৰকাকতি সোৱৰণীত অনুষ্ঠিত আন্তঃজিলা চাব জুনিয়ৰ পুৰুষ হকী চেম্পিয়নশ্বিপৰ ৩১ মাৰ্চত সামৰণী পৰিব।
Also Read: কাক কৰিব বিশ্বাস ? জীৱন দায়িনী ঔষধৰো ভেজাল ! ১৮ টা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল