সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক ওপজা দিন উদযাপন

'পঢ়ুৱৈ সৃষ্টিত গ্রাম্য পুথিভঁড়ালৰ ভূমিকা' শীর্ষক আলোচনা চক্র সম্পন্ন
সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক ওপজা দিন উদযাপন
সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক ওপজা দিন উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক ওপজা দিন আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্রীয়ভাৱে নগাঁৱত উদযাপন কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাই। পুৱা ৭ বজাত চাফাই অভিযান মুকলি কৰে সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্র নাথ আৰু নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্র নাথে।

বৃক্ষ ৰোপন শুভাৰম্ভ কৰে সেউজ কোৱঁৰ স্বপন কুমাৰ চৌধুৰী আৰু সমাজকর্মী ভৱেশ দত্ত বৰুৱাই। পুৱা ১০ বজাত পতাকা উত্তোলন কৰে সন্থাৰ উপ সভাপতি শশীন্দ্র দেৱ মহন্তই। সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ নগাঁওস্থিত কেন্দ্রীয় কাৰ্যালয়ত স্থাপন কৰা সন্দিকৈৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন, মাল্যার্পনেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সভাপতি কাতিবৰ চেঙাই।

দুপৰীয়া সন্থাৰ সভাগৃহত আয়োজিত 'পঢ়ুৱৈ সৃষ্টিত গ্রাম্য পুথিভঁড়ালৰ ভূমিকা' শীর্ষক আলোচনা চক্র সঞ্চালনা কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই। সভাৰ পাতনিতে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ অকাল বিয়োগত শোক প্রকাশ কৰা হয়।

সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে আদৰণি ভাষণ দিয়া আলোচনা চক্ৰখনত বিষয়-বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায় কলংপাৰ কাকতৰ মুখ্য সম্পাদক ভৱেন বৰা আৰু সদৌ অসম কবি সম্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। বক্তাদ্বয়ে কৃষ্ণকান্ত সন্দিকৈলৈ শ্রদ্ধাপূর্বক বক্তব্য আগবঢ়াই গ্রন্থ অধ্যয়ন অভিযানৰ জৰিয়তে এখন ৰুচিশীল সমাজ গঢ়ি তোলাৰ আহ্বান জনায়।

সঞ্চালক হাজৰিকাই ভাষণ প্রসংগত কয় অসম প্ৰেমৰ নীৰৱ সাধক আছিল পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ। শ্রীহৰ্ষৰ নৈষধচৰিতম, সোমদেৱৰ যশস্তিলক আৰু প্ৰবৰসেনৰ সেতুবন্ধ ইংৰাজীলৈ অনুবাদ কৰি পশ্চিমীয়া পণ্ডিতকূলকো স্তম্ভিত কৰিছিল সন্দিকৈয়ে।

গ্রন্থ অধ্যয়ন সন্দর্ভত তেঁও কয়, বিজ্ঞান প্রযুক্তিৰ বিকাশ হলেও গ্ৰন্থৰ বিকল্প হ'ব নোৱাৰে। গ্ৰন্থৰ অধ্যয়নে মানুহক পূর্ণতা দিয়ে। পুথিভঁড়াল সন্থাই এখন পাঠক সমাজ গঢ়ি তোলাৰ প্রচেষ্টা অব্যাহত ৰখা বুলিও মন্তব্য কৰে। ইয়াৰ পিছতেই কবিতা পাঠৰ অনুষ্ঠান উদ্বোধন কৰে শংকৰজ্যোতি শাখা সাহিত্য সভাৰ উপ সভাপতি নিৰলা শইকীয়া দাসে।

মনোগ্রাহী কবিতা পাঠৰ অনুষ্ঠানত ১৮ গৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ আৰু গীত পৰিবেশন কৰে। তেঁওলোকে হৈছে নিৰলা শইকীয়া দাস, কবেৰী মহন্ত, বিভা মহন্ত, দ্বিজেন্দ্ৰ নাথ হাজৰিকা, গৌৰীবল্লভ গোস্বামী, অৰূপ কুমাৰ গোস্বামী, পূর্ণিমা ভূঞা, সন্ধ্যাৰাণী দুৱৰা, দীপালী বৰা, শশীন্দ্ৰ দেৱ মহন্ত, ড০ হেলেন পণ্ডিত, শোভা হাজৰিকা, জয়ন্তী বৰা, ভৱেন বৰা, কবিতা দাস, ৰেৱতী বৰুৱা, কাকলিয়ে।

সভাত মুকুট বৰা, অৰুণ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে যোগদান কৰাৰ উপৰিও সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ বিষয়ববীয়া, কৰ্মচাৰী সকলে সভাত যোগদান কৰে।

সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৬ সংখ্যক ওপজা দিন উদযাপন
কাছাৰৰ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন পীযুষ হাজৰীকাৰঃ বৰখোলাত জাতিংগা নৈৰ খহনীয়া ৰোধৰ আশ্বাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in