২২ জুলাইৰ পৰা সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ আন্দোলন ঘোষণা... 

ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক ৪০০ টকাৰ মজুৰিৰে চৰম প্ৰতাৰণাৰ অভিযোগ
২২ জুলাইৰ পৰা সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ আন্দোলন ঘোষণা... 
২২ জুলাইৰ পৰা সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ আন্দোলন ঘোষণা... 
Published on
Updated on

ডিজিটেল সংবাদ কামপুৰ: সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এক সংবাদ মেল আজি কামপুৰত অনুষ্ঠিত হয়।  কামপুৰ উন্নতি সাধিনী সভাৰ সভা গৃহত অনুষ্ঠিত হোৱা সংবাদ মেলখনত সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ নেতৃ বৃন্দই টিউটৰসকলৰ পদ নিয়মীয়া নকৰিলে অহা ২২ জুলাইৰ পৰা তীব্ৰ আন্দোলন কৰাৰ কথা উল্লেখ কৰে।

সংবাদ মেলত শিক্ষকসকলে উল্লেখ কৰে যে প্ৰাদেশিকীকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক ৪০০ টকা মজুৰি দি চৰম প্ৰতাৰণা কৰিছে। বিগত ৩০/৩৫ বছৰ কাল বিনা বেতনে নিজৰ মূল্যৱান জীৱন-যৌৱন উচৰ্গা কৰি অসম তথা অসমীয়া মাধ্যমৰ পিছপৰা দৰিদ্ৰ লোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰ বিলোৱা এই দুৰ্ভগীয়া শিক্ষকক যোৱা ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে তদানীন্তন চৰকাৰে টিউটৰ সজাই পদ প্ৰাদেশিকীকৰণৰ নামত এক চূড়ান্ত অপমান কৰিছে।

তেওঁলোকে সংবাদ মেলত লগতে উল্লেখ কৰে যে তদানীন্তন চৰকাৰৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে উচ্চ আৰু নিম্ন প্ৰাথমিকৰ ৯৭৯৫ জন শিক্ষকক নিযুক্তি দি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইয়া সম্পূৰ্ণ ফুটুকাৰ ফেনলৈ পৰিণত হ'ল। এক চৰম আৰু অমানৱীয় প্ৰাদেশিকীকৰণ আইন -২০১৭ ত ৰাষ্ট্ৰীয় আইনৰ বিভিন্ন ধাৰা উপধাৰা অন্তৰ্ভুক্ত কৰি এই সকল শিক্ষকৰ ওপৰত নিষ্ঠুৰ ভাবে জাপি দিয়া হৈছে বুলিও সংবাদ মেলত জানিবলৈ দিয়ে ।

৩০/৩৫ বছৰ আগতেই এইসকল শিক্ষকে সমসাময়িক চৰকাৰী নিয়ম অনুযায়ী শিক্ষাগত অৰ্হতা অৰ্জন কৰি শিক্ষা দানৰ দৰে পবিত্ৰ সেৱাত নিজৰ মূল্যৱান সময় প্ৰদান কৰাৰ পিছতো চৰকাৰে শিক্ষকসকলক চৰম বঞ্চনা কৰিছে বুলি সংবাদ মেলখনত কয়। সংবাদ মেলত নেতৃবৃন্দই উল্লেখ কৰে যে, শিক্ষকসকলৰ মাজৰ পৰা প্ৰায় অধিকাংশই বৃত্তিগত অৰ্হতা অৰ্জন কৰাৰ পিছতো অসম চৰকাৰে এই শিক্ষকসকলৰ ওপৰত অপ্ৰাসংগিক ভাৱে টেট প্ৰযোজ্য কৰিব বিচৰা বিষয়টো চৰম দুৰ্ভাগ্য জনক বুলিও অভিহিত কৰে।

টিউটৰ শিক্ষক সংস্থাটিয়ে অতি শীঘ্ৰে তেওঁলোকক শিক্ষকৰ মৰ্য্যদা দিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়। আজিৰ সংবাদমেলখনত কেন্দ্ৰীয় উপদেষ্টা শেখ আব্দুল্লা, মুখপাত্ৰ তৰু প্ৰসাদ শৰ্মা, মুখ্য সাধাৰণ সম্পাদক ভুৱন শৰ্মা, সম্পাদক ইসাহক আলীকে ধৰি বহু কেইজন নেতা উপস্থিত থাকে।

২২ জুলাইৰ পৰা সদৌ অসম টিউটৰ শিক্ষক সন্থাৰ আন্দোলন ঘোষণা... 
এতিয়াও সন্ধান নাই চিমেন নদীত সন্ধানহীন আজিতেশৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in