আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ

আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ
Published on
Updated on

ডিজিটেল সংবাদ, কামপুৰঃ তিনিমাহৰ আগতে লীনা দলে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়ত কামপুৰ থানাৰ ভিতৰতে মতি বৰা নামৰ এজন লোকৰ অজ্ঞাত কাৰনত মৃত্যু হৈছিল। কিন্তু আজিও ন্যায় নাপালে কামপুৰ আৰক্ষী জিম্মাত মৃত্যু হোৱা মতি প্ৰসাদ বৰাৰ পৰিয়ালে ৷

ন্যায়টো দূৰৰে কথা বিগত তিনি মাহে পৰিয়ালে লাভ নকৰিলে মতিপ্ৰসাদ বৰাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট ৷ যাৰ বাবে নিশা জেষ্ঠ ভাতৃ জ্যোতিপ্ৰসাদ বৰাই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু মতিপ্ৰসাদ বৰাৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি কামপুৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে পৰিয়ালটোক বহু প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ৷ পৰিয়ালটোৰ এজন সদস্যক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছিল যদিও চাকৰি আৰু ন্যায় দূৰৰে কথা আজিকোপতি পৰিয়ালটোৱে লাভ নকৰিলে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৷ শীঘ্ৰে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু কামপুৰ আৰক্ষী জিম্মাত মৃত্যু হোৱা মতি প্ৰসাদ বৰাৰ ঘটনা সঠিক তদন্ত কৰি ন্যায় দিবলৈ দাবী জনাইছে পৰিয়াটোৱে ৷

আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ
ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in