বঢ়মপুৰত স্মাৰ্ট মিটাৰৰ নামত ক’লাবেহাৰ অভিযোগ : বিদ্যুতকৰ্মীসহ এজনক আটক

বঢ়মপুৰত স্মাৰ্ট মিটাৰৰ নামত ক’লাবেহাৰ অভিযোগ : বিদ্যুতকৰ্মীসহ এজনক আটক
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰত স্মাৰ্ট মিটাৰ লগোৱাৰ নামত ক'লা বেহা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভেৰভেৰীৰ এঘৰত বে-আইনীভাৱে স্মাৰ্ট-মিটাৰ লগাবলৈ যোৱা এজন কিশোৰক আটক কৰিলে পুৰণিগুদাম আৰক্ষীয়ে।

অভিযোগ অনুসৰি কিশোৰজনে গৃহস্থক স্মাৰ্ট মিটাৰ লগাই দিয়াৰ বিনিময়ত গ্ৰাহকজনৰ পৰা ধন দাবী কৰিছিল। এই ঘটনাৰ অভিযোগত ধৃত কিশোৰজনৰ লগতে আন এজন বিদ্যুতকৰ্মীকো আৰক্ষীয়ে আটক কৰে।

এতিয়া প্ৰশ্ন হৈছে স্মাৰ্ট মিটাৰটো কেনেকৈ পালে কিশোৰজনে? সেই বিষয়ে হেনো অজ্ঞ এ পি ডি চি এল কৰ্তৃপক্ষ ! সমগ্ৰ ঘটনা সন্দৰ্ভত তথা অবৈধ বেহাৰ ওপৰত তদন্ত কৰিবলৈ পুৰণিগুদাম আৰক্ষীৰ চকীত গোচৰ ৰুজু কৰিছে এ পি ডি চি এল কৰ্তৃপক্ষই।

ইফালে আটকাধীন কিশোৰটিৰ পৰিয়ালৰ লোকে এ পি ডি চি এল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি কিশোৰজনক ঠিকাদাৰে নিয়োগ কৰি আহিছিল মিটাৰ সংস্থাপনৰ কামত। অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত সকলো তথ্য তদন্তৰ অন্ততহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

বঢ়মপুৰত স্মাৰ্ট মিটাৰৰ নামত ক’লাবেহাৰ অভিযোগ : বিদ্যুতকৰ্মীসহ এজনক আটক
কৰিমগঞ্জত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in