অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ বৃক্ষ ৰোপণ...

অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ বৃক্ষ ৰোপণ...
অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ বৃক্ষ ৰোপণ...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ অধীনত নগাঁও জিলাতো আজি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণ কৰা হয়।। নগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাই ধিং গেট এলেকাত নগাঁও পৌৰসভাৰ উদ্যোগত আয়োজিত গছপুলি ৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। য'ত বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে এটা গছপুলি ৰোপণ কৰি জিলাখনৰ নাগৰিকসকলক এই অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আৰু ৰোপণ কৰা গছপুলিবোৰক লালন-পালন কৰাত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায় ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰু ভাষণ প্ৰদান কৰি নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উদ্ভিদৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখ কৰি এই অভিযানৰ অধীনত সমগ্ৰ জিলাতে আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে জিলাখনত অমৃত বৃক্ষ আন্দোলন কাৰ্য্যসূচীৰ অধীনত মুঠ ২,৮০,৯৭২ টা পঞ্জীয়ন কৰা হৈছে যাৰ ভিতৰত আত্মসহায়ক গোটৰ ২৪৩৭৯০, আশা কৰ্মীৰ ৯৫৮, শিক্ষানুষ্ঠানৰ ৪৪২৫, আৰক্ষীৰ ১৯৩২৩, অংগনবাড়ীৰ ৫১০৬, চাহ-বাগিচাৰ ৩৫৪, অন্যান্য (প্ৰতিষ্ঠানিক) ৰ ১৬৮৯ আৰু অন্যান্য (ব্যক্তিগত) ৫৩২৭টা পঞ্জীয়ন আছে।

নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্ত, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, অতিৰিক্ত জিলা আয়ুক্ত ফিলিছ ভি এল হ্ৰংচল, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া শিল্পী পণ্ডিত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ, নগাঁও পৌৰসভাৰ ৱাৰ্ড আয়ুক্তসকলৰ লগতে নগাঁও পৌৰসভা আৰু নগাঁও জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় জনসাধাৰণ এই অনুষ্ঠানত উপস্থিত থাকি গছপুলি ৰোপণ অভিযানত অংশগ্ৰহণ কৰে।

একেটা অনুষ্ঠানতে নগাঁও পৌৰসভাই স্বচ্ছ ভাৰত অভিযানৰ ৯ বছৰ উদযাপনৰ বাবে সমগ্ৰ দেশতে অনুষ্ঠিত হৈ থকা ‘ইণ্ডিয়ান স্বচ্ছতা লীগ’ৰ দ্বিতীয় সংস্কৰণৰ আনুষ্ঠানিক উন্মোচন কৰে।

অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ বৃক্ষ ৰোপণ...
নিজলৈ নিৰ্মাণ কৰা ঘৰটো ভাঙি দিছিল বিশ্বকৰ্মাইঃ শিঙৰী বাগিচাত পৰি আছে ভগ্নাৱশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in