নেতাৰ অৰিয়া-অৰিৰ কু-প্ৰভাৱ অমৃত কলহত : কাৰ্যসূচীৰ পৰা বিৰত বহু ৰাজহ গাঁও

নেতাৰ অৰিয়া-অৰিৰ কু-প্ৰভাৱ অমৃত কলহত : কাৰ্যসূচীৰ পৰা বিৰত বহু ৰাজহ গাঁও

author-image
Asomiya Pratidin
New Update
নেতাৰ অৰিয়া-অৰিৰ কু-প্ৰভাৱ অমৃত কলহত : কাৰ্যসূচীৰ পৰা বিৰত বহু ৰাজহ গাঁও

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাত 'মোৰ দেশ মোৰ মাটি' কাৰ্যসূচীক লৈ উলহ-মালহ পৰিৱেশৰ সৃষ্টি হৈছে ৷ 'মোৰ দেশ মোৰ মাটি' কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজিত অমৃত কলহ যাত্ৰাত জিলাখনৰ একাংশ লোকৰ ব্যাপক সহাৰি দেখা গ’ল যদিও আন একাংশৰ সহাৰি আশানুৰূপ নাছিল ৷

জিলাখনৰ নগাঁও সদৰ, বঢ়মপুৰ আৰু কলিয়াবৰত অমৃত কলহে যেনেদৰে আদৰ পালে তাৰ বিপৰিতে চামগুৰি, ৰূপহীহাট, ধিং, বটদ্ৰৱা, ৰহাত আদি অঞ্চলসমূহত আশানুৰূপ সহাৰি নাপালে ৷ ইয়াৰ মূলতে হৈছে এই বিধানসভা সমষ্টি কেইটা বিৰোধীৰ দখল থকাটো৷ অমৃত কলহৰ জৰিয়তে প্ৰত্যক্ষভাৱে বিজেপিয়ে সৰ্বসাধাৰনৰ লগত জনসংযোগ ঘটাইছে৷ যাৰ দ্বাৰা বিজেপিয়ে পৰোক্ষভাৱে এক সাংগাঠনিক কুচকাৱাজ চলালে৷ কলিয়াবৰ, নগাঁও সদৰ, বঢ়মপুৰত ক্ৰমে কেশৱ মহন্ত, ৰূপক শৰ্মা, জিতু গোস্বামীৰ তৎপৰতাৰ বিপৰীতে সক্ৰিয় তৎপৰতা আন সমষ্টি কেইটাত দেখা নগ’ল ৷

বিৰোধীৰ দখলত থকা সমষ্টিসমূহত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈৰ লগতে চক্ৰ বিষয়া , খণ্ড উন্নয়ন বিষয়া আদিয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ নগাঁৱৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্ল বৈদ্যয়ো নগাঁৱলৈ আহি অমৃত কলহৰ কাৰ্যসূচীত ভাগ লৈছে যদিও বিৰোধীৰ দখলত থকা সমষ্টিসমূহক লৈ চিন্তিত নহয় শাসকীয় মন্ত্ৰী বিধায়কসকল ৷

অমৃত কলহক লৈ বহু গ্ৰামাঞ্চলৰ ৰাইজে সহাৰি নিদিলে ৷ নগাঁও জিলাৰ ৰাজহ গাঁৱৰ সংখ্যা হৈছে ১০২২ খন ৷ এখন ৰাজহ গাঁৱত ক্ষুদ্ৰ ক্ষুদ্ৰকৈ ৫ৰ পৰা ৬খনকৈ গাঁও অন্তৰভূক্ত হৈ থাকে৷ ৬খনকৈ হ’লেও মুঠ গাঁৱৰ সংখ্যা হয়গৈ ৬হাজাৰৰো অধিক ৷ চৰকাৰে প্ৰতিঘৰ মানুহক জড়িত কৰি, প্ৰতিখন গাঁৱক সামৰি লৈ এই অমৃত কলহৰ অভিযান চলাইছিল ৷

জানিব পৰা মতে প্ৰতিঘৰ মানুহক জড়িত কৰা অমৃত কলহৰ কাৰ্যসূচীত নগাঁও জিলাত মাত্ৰ ১১১৮ টা কলহতে মাটি সংগ্ৰহ কৰি কাৰ্যসূচীৰ প্ৰথম পৰ্যায় সামৰণি মাৰিব লগা হৈছে ৷ ৬হেজাৰ গাঁৱৰলোকে এমুঠিকৈ মাটি দিলে ৬হেজাৰটাতকৈ অধিক কলহত মাটি সংগ্ৰহ হ'ব লাগিছিল যদিও সেয়া নগাঁও জিলাত হৈ নুঠিল ৷

পৌৰসভা এলেকাক বাদ দি ৰাজহ গাঁও এলেকাৰ পৰা সংগ্ৰহ হোৱা কলহৰ সংখ্যা হৈছে ৯০৬ টা ৷ নগাঁও পৌৰসভাৰ ২৪ টা ৱাৰ্ডৰ ভিতৰত সংগ্ৰহ হোৱা কলহৰ সংখ্যা ১৫৫ টা ৷ নগাঁও পৌৰসভাই অমৃত কলহৰ ক্ষেত্ৰত জিলাখনত ৰেকৰ্ড কৰিছে ৷ ইয়াৰ বিপৰিতে ৰহা পৌৰসভাত ১২ টা, কামপুৰত ১০, ধিঙত ৩৫ টা কলহহে সংগ্ৰহ হৈছে ৷

তথ্য মতে জিলাখনৰ ৬২ খন ৰাজহ গাঁৱে সম্পূৰ্ণ ৰূপে অমৃত কলহৰ কাৰ্যসূচীত অংশ গ্ৰহণ নকৰিলে ৷ নগাঁও জিলাত অমৃত কলহৰ কাৰ্যসূচী পূৰ্ণ পৰ্যায়ত সফল নোহোৱাক লৈ অসন্তোষ্ট দিচপুৰ আৰু বাজপেয়ী ভৱন ৷ বিশেষকৈ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামীৰ মাজৰ অৰিয়া-অৰিৰ কু-প্ৰভাৱ পৰিল চৰকাৰী অমৃত কলহৰ কাৰ্যসূচীত ৷

Also Read: কঠীয়াতলীত প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী

Amrit Kalaha Yatra