বিশিষ্ট শিল্পী ভাস্কৰ বীৰেন সিংহলৈ ২০২৩ বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন' বঁটা

বিশিষ্ট শিল্পী ভাস্কৰ বীৰেন সিংহলৈ ২০২৩ বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন' বঁটা
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: অসমৰ এগৰাকী খ্যাতিমান শিল্পী ভাস্কৰ বীৰেণ সিংহলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। নগাঁৱৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিগত ২০১৭ চনৰ পৰা ঊনবিংশ শতিকাত অসমীয়া ভাষা উদ্ধাৰৰ প্ৰধান নায়ক, আধুনিকতাৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰদান কৰি আহিছে।

বিগত বৰ্ষবোৰত বিশিষ্ট বিজ্ঞানী বিদ্যুৎ শর্মা, বিশিষ্ট সমাজকর্মী বিৰুবালা ৰাভা, বিশিষ্ট ভাষাবিদ-সাহিত্যিক নাহেন্দ্ৰ পাদুন, প্রখ্যাত অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলে এই বঁটা আগবঢ়োৱাৰ পাছত ২০২৩ বৰ্ষৰ বাবে এই বঁটা বিশিষ্ট ভাস্কৰ চিত্রশিল্পী, কলা নির্দেশক তথা লেখক বীৰেণ সিংহলৈ আগবঢ়োৱা হৈছে বুলি মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° সদানন্দ পায়েঙে জানিবলৈ দিছে।

১৯৫১ চনত ছয়গাঁৱত জন্মলাভ কৰি দাৰিদ্ৰতাৰ বাবে কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে অগ্রসৰ হৈয়ো নিজকে এগৰাকী সফল শিল্পী হিচাপে প্রতিষ্ঠিত কৰা বীৰেণ সিংহৰ প্রায় ২০০ ভাস্কর্য শিল্প অসম তথা উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত স্থাপিত হৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মাজত সংস্থাপিত ৩৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ পূর্ণাবয়ৱ মূর্তি, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত ২০১৮ চনত সংস্থাপিত ঢেকিয়াল ফুকনৰ পূর্ণাবয়ৱ মূৰ্তি প্ৰধান। ভাস্কর্য শিল্পৰ মাজেদি অসমৰ জনকৃষ্টিক দৃশ্যমান কৰি তোলা অপূৰ্ব শৈলীৰ বাবেই মূলত তেখেতক ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্রী প্ৰদান কৰিছে।

অহা ২২ ছেপ্টেম্বৰ তাৰিখে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন হ'বলগীয়া এটি গাম্ভীর্যপূর্ণ অনুষ্ঠানত সিংহলৈ এই বঁটা আগবঢ়োৱা হ'ব। উক্ত অনুষ্ঠানতে মহাবিদ্যালযখনে বিগত বৰ্ষৰ দৰে ২০২৩ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতানুষ্ঠানটিৰো আয়োজন কৰিছে। এই বৰ্ষৰ বাবে বক্তৃতা প্ৰদান কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা ৰসায়ন বিজ্ঞানৰ খ্যাতিমান গৱেষক ড° ৰমেশ চন্দ্ৰ ডেকায়।

উল্লেখ্য যে, ড° হীৰেন গোহাঁই, ভবেন বৰুৱা, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, এছ এন. শ্রীবাস্তব, ড° ৰাজেন শইকীয়া, প্রভাত বৰা আদি বিদ্বান ব্যক্তিয়ে ইতিমধ্যে বিগত বৰ্ষবোৰত বক্তৃতা প্ৰদান কৰি গৈছে আৰু মহাবিদ্যালয়ে উক্ত বক্তৃতাসমূহৰ এটি একত্র সংকলনো প্ৰকাশ কৰি উলিয়াইছে। নিয়মীয়া শৈক্ষিক পাঠদানৰ সমান্তৰালভাৱে মহাবিদ্যালয়খনে নানা সামাজিক তথা বিদ্যায়তনিক কাম-কাজৰ মাজেদি ছাত্ৰ-ছাত্ৰীক এক বহল সাংস্কৃতিক পৰিৱেশ দিয়াৰ যত্ন কৰি আহিছে।

বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ মহাবিদ্যালয়ৰ চৌহদত আৰম্ভ হৈছে ২০২৩ বৰ্ষৰ গ্ৰন্থমেলা। গুৱাহাটী আৰু নগাঁৱৰ দুটা প্ৰকাশন গোষ্ঠীয়ে অংশ লোৱা গ্ৰন্থমেলাখন উদ্বোধন কৰে বিশিষ্ট সমালোচক প্রভাত বৰাই। গ্রন্থমেলাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে আবেলি নগাঁও কবি সন্মিলনৰ সহযোগত এখনি কবি সম্মিলন অনুষ্ঠিত হয়। প্রায় পঞ্চাশগৰাকী কবিয়ে অংশ লোৱা সম্মিলনখন উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্রদীপ শ‍ইকীয়াই আৰু সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক কিশোৰ ভট্টাচাৰ্যই।

১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ছাত্ৰ-ছাত্ৰীক অসমৰ চিৰসেউজ গানৰ ঐতিহ্যৰ সৈতে চিনাকি কৰি দিবলৈ আয়োজন কৰা হৈছে এটি বিশেষ সংগীতানুষ্ঠান। অনুষ্ঠানত ৰঞ্জন বেজবৰুৱা, দিপু ভূঞাৰ লগতে মহাবিদ্যালয়ৰো কেইবাগৰাকী ছাত্র-ছাত্রীয়ে নির্বাচিত অসমীয়া আধুনিক গীত পৰিবেশন কৰিব।

বিশিষ্ট শিল্পী ভাস্কৰ বীৰেন সিংহলৈ ২০২৩ বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন' বঁটা
নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক বিধান সভাত উত্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in