ভকতগাঁও কেওঁটখেল নামঘৰত কণ কণ শিশুৰ দ্বাৰা "অংগদৰ চন্দ্ৰ প্ৰতিজ্ঞা" অংকীয়া ভাওনা প্ৰদৰ্শন

ভকতগাঁও কেওঁটখেল নামঘৰত কণ কণ শিশুৰ দ্বাৰা "অংগদৰ চন্দ্ৰ প্ৰতিজ্ঞা" অংকীয়া ভাওনা প্ৰদৰ্শন
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কপাহেৰা ভকতগাঁও কেওঁট খেল নামঘৰৰ বাষিক প্ৰতিষ্ঠা দিৱস ৪দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। চাৰিওটা দিনতে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ মাজেৰে অনুষ্ঠানসমূহ পাৰ হোৱাৰ পাছত প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ লগত সংগতি ৰাখি ভকতগাঁও অঞ্চলৰ কণ কণ শিশু সকলৰ দ্বাৰা অভিনীত অংকীয়া ভাওনা "অংগদৰ চন্দ্ৰ প্ৰতিজ্ঞা" নাটকখন মঞ্চায়ন কৰা হয়।

নাটকখন শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ সম্পাদক বিপ্লৱ শইকীয়াই। সমগ্ৰ কাৰ্যসূচীত সহস্ৰাধিক লোকৰ উপস্থিতিত ভকতগাঁৱত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in