ইলোৰা মঞ্চৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱসৰ আয়োজন

ইলোৰা মঞ্চৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱসৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ইলোৰা মঞ্চৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱসৰ আয়োজন

ডিজিটেল সংবাদ,কলিয়াবৰ : ২০০৫ চনৰ পৰা ইলোৰা বিজ্ঞান মঞ্চই পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। এইগৰাকী সমাজ সংস্কাৰকৰ জন্ম দিৱসত সোঁৱৰণ কৰি বৰ্তমানৰ সমাজত মানৱতাবাদী মতৰ ধ্বজা বাহকৰূপত নতুন প্ৰজন্মক গঢ়ি তুলিবৰ বাবে তেওঁৰ কৰ্মৰাজি মূল্যায়ন আৰু অৱলোকনৰ প্ৰয়োজন হৈ পৰিছে।

এনে এক সন্ধিক্ষণত ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস আয়োজন কৰে। কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীমপ্ৰসাদ শৰ্মাই।

শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাৰ গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ'বলৈ আহ্বান জনায়। সভাৰ প্ৰাৰম্ভতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে।

ভাষণ প্ৰসংগত তেঁও কয়- ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্ছগা কৰিছিল এই জীৱন। সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধবা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি।

ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল । তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব।

দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপণ হৈছিল। লগতে তেঁও কয়—১৮৩৫চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিল হেমচন্দ্ৰ বৰুৱাৰ। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী।

হেমচন্দ্ৰ বৰুৱাই না না প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল। অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰি অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি অন্যতম।

সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰেক্টৰ দিলীপ কুমাৰ হাজৰিকা, পৰিচালনা সমিতিৰ সম্পাদক মোহন শইকীয়া তথা বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Also Read: ই যে নলবাৰীৰ ৰাস

hemchandra baruah koliyabar