ডিজিটেল সংবাদ, বঢ়মপুৰ: হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলন ভূমি নগাঁৱৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত প্ৰণামীৰ বাকচত ওলাল আৰৱীয়ান মুদ্ৰা৷ অষ্টমী পূজাৰ নিশা দানপাত্ৰ খুলি উদ্যোক্তা সকলে টকা-পইচা গণনা কৰি থকাৰ সময়তে এটি আৰৱীয়ান মুদ্ৰা পায়৷
পাছত সেই মুদ্ৰা ভাৰতীয় টকাৰ হিচাপত ২২ টকা বুলি জানিব পৰা গৈছে৷ পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমা মন্দিৰলৈ মুছলমান লোকসকলো শৰাই শলিতা দিবলৈ আহে৷ ই এক পুৰণি পৰম্পৰা৷
তেনে এক কাৰণতে আৰৱীয়ান মুদ্ৰাটো উদ্ধাৰ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সম্প্ৰতি মুদ্ৰাটো স্থানীয় প্ৰদীপ হাজৰিকা নামৰ লোকজনৰ ব্যক্তিগত সংগ্ৰহালয়ত ৰাখিবলৈ উদ্যোক্তা সকলে ব্যৱস্থা কৰিছে ৷
Also Read: বিশিষ্ট সাংবাদিক, চলচ্চিত্ৰ সমালোচক অৰুণ লোচন দাসৰ দেহাৱসান