ডিজিটেল সংবাদ, নগাঁও : অসমৰ নাট্য আন্দোলনক গতিশীল কৰিবলৈ ১৯৬০ চনতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে প্ৰমুখ্য কৰি সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ বহুকেইজন স্বনামধন্য পুৰোধা ব্যক্তিৰ নেতৃত্বত গঢ় লৈ উঠিছিল অসম নাট্য সন্মিলন। এই অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নগাঁও জিলা সমিতিয়ে শুকুৰবাৰে কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত কৰে ।
অসম নাট্য সন্মিলন নগাঁও জিলাৰ অন্তৰ্গত কৰৈয়নি আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসটি শাখাৰ অস্থায়ী কাৰ্যালয়স্থিত কলংপৰীয়া বাৰগঞা মন্দিৰ প্ৰাংগণত পুৱা ৭ বজাত অসম নাট্য সন্মিলনৰ পতাকা উত্তোলন কৰে বিশিষ্ট নাট্যকাৰ, সাংস্কৃতিক কৰ্মী সোণাৰাম বৰাই । পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকি অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজ কুমাৰ শইকীয়া আৰু নগাঁও জিলা সমিতিৰ সম্পাদক জিতুমণি মহন্তই দিৱসটোৰ তাৎপৰ্য তথা নাট্য সংগঠনক শক্তিশালী কৰিবলৈ অনুপ্ৰেৰণামূলক বক্তব্য ৰাখে ।
কৰৈয়নি আঞ্চলিক শাখাৰ সভাপতি ৰাজেন ফুকন,কাৰ্যকৰী সভাপতি দিলীপ বৰা, উপ সভাপতি ক্ষীৰ শৰ্মা আদি লোকসকলেও বক্তব্য ৰাখে। সামগ্ৰিকভাৱে অনুষ্ঠানটিৰ আঁত ধৰে কৰৈয়নি আঞ্চলিক শাখাৰ সম্পাদক দ্বীপজ্যোতি বৰাই ।
Also Read: তিতাবৰত সুৰামত্ত অৱস্থাত জাতীয় সংগঠনৰ নেতা