ডিজিটেল সংবাদ, বেবেজীয়াঃ অসম সাহিত্য সভাৰ আগন্তুক একাদশ বিশেষ বাৰ্ষিক ২০২৪ বাৰপূজীয়া অধিবেশনৰ কাম-কাজ আদৰণি সমিতিয়ে পূৰ্ণোদ্যমে আগবঢ়োৱা পৰিলক্ষিত হৈছে। বৃহত্তৰ জাতীয় অনুষ্ঠানটো সফলভাবে ৰূপায়িত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আদৰণি সমিতিয়ে বৰ্তমানলৈকে ৩৪খন উপ-সভা গঠন কৰি বিভাগ সমূহৰ দায়িত্বভাৰ অৰ্পণ কৰাৰ সমান্তৰালকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি একাধিক মন্ত্ৰীক সাক্ষাৎ কৰে।
বৃহস্পতিবাৰে ২৬জুলাই বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰে সমিতিখনে। মৰিগাঁও জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰীগৰাকীৰ লগত আদৰণি সমিতিৰ প্ৰতিনিধি দলটোয়ে অধিবেশনখনিৰ বিভিন্ন দিশত বিস্তৃত ভাবে আলোচনা কৰে। প্ৰতিনিধি দলটিত অংশগ্ৰহণ কৰে আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, কাৰ্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মা, উপ-সভাপতি কেশৱ চন্দ্ৰ লাহন, সাধাৰন সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকা, যুটীয়া সম্পাদক ফণীভূষণ দেউৰীয় আৰু সদস্য জাণ্টু নাথ আৰু আল্পনা ভূঞাই।
Also Read: ঢকুৱাখনাত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব'ৰ্ডৰ সামগ্ৰী বিতৰণ...