ডিজিটেল সংবাদ, বঢ়মপুৰ : হিমাচল প্ৰদেশৰ উনাত অলপতে অনুষ্ঠিত হোৱা ৪৯ সংখ্যক ছাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন ক্রীড়া প্রতিযোগিতাত অসমৰ খেলুৱৈসকলে উল্লেখনীয় সফলতা লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্রতিযোগিতাৰ যোগাসনৰ ল'ৰাৰ ৮ৰ পৰা ১০ বছৰ বয়সৰ শাখাত বজালীৰ অৰ্ণৱ শৰ্মাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
একেদৰে ১৪ৰ পৰা ১৬ বছৰ বয়সৰ ছোৱালীৰ শাখাত নগাঁৱৰ উদিতা ৰাণী বৰাই ব্ৰঞ্জৰ আৰু ৰিডমিক শাখাত নগাঁৱৰ সঞ্চিতা কুৰি আৰু ছয়ণ্টিকা কুৰিয়ে ৰূপৰ পদক অর্জন কৰে। অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা সদ্য নির্বাচিত যোগ ফেডাৰেচন অফ ইণ্ডিয়াৰ উপ- সভাপতি প্রভাত চন্দ্ৰ বৰাই জনাই যে ইয়াৰ উপৰিও প্রিন্সি দেৱী, ছয়ণ্টিকা কুৰি, প্রগডিছ ছাহা, দৃশনা জে আৰ চান্দা, আৰিহান চক্রবর্ত্তী, কুঁহি ডেকা,বিনীত চৌধুৰী, সন্দীপ শৰ্মা, ঋতু মণি ডেকা, তিতিক্ষা মধুকল্য, শিৱম জৰা ধাৰা, ৰিছিকা কৌৰ, সঞ্চিতা কুৰি, মহীখিট, ছৌবিক দাস, জয়া ৰাণী আদিয়ে বিভিন্ন শাখাত প্রতিযোগীসকলে ৪র্থ পৰা ৬ষ্ঠ স্থান লাভ কৰিছে।
আনহাতে ৪৯ সংখ্যক ৰাষ্ট্ৰীয় প্রতিযোগিতা পৰিচালনা কৰিবৰ বাবে ৰেফাৰী হিচাপে অসমৰ পৰা বিচিত্ৰ বৰা, নিজৰা বৰা, জয়া ৰাণী, ৰজলীন ব্রহ্ম, ভার্গৱ কলিতা, আশীস নাগ, ড° তুলুমণি দেৱী, প্রাণজিৎ বৰা, বিনীতা বৰা, ৰুমী হাজৰিকাই অংশগ্ৰহণ কৰে। দলটোৰ সফলতাত অসম যোগ সংস্থাৰ সমূহ বিষয়াসকলে শুভেচ্ছা জনাইছে।
Also Read: ভয়াৱহ হৈ উঠিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ! পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পিতৃ-কন্যাৰ