ডিজিটেল সংবাদ, নগাঁও: চীনা নহৰুৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। চীনৰ পৰা ম্যানমাৰৰ মাজেৰে মিজোৰাম, মেঘালয়লৈ অহা এই চীনা নহৰু শ্বিলঙৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে অসমৰ বিভিন্ন প্ৰান্তলৈ আমদানি হৈ আহিছে। আলু-পিঁয়াজৰ অত্যাধিক মূল্য বৃদ্ধিৰ সমান্তৰালকৈ নহৰুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ সুযোগ লৈ ৰাজ্যত প্ৰৱেশ ঘটিছে এই চীনা নহৰু।
বজাৰত এতিয়া প্ৰতি কেজি নহৰুৰ মূল্য ৩০০ টকাৰ পৰা ৪০০ টকা পৰ্যন্ত দৰ হৈছে।নহৰুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত বজাৰত তীব্ৰ নাটনি ঘটিছে নহৰুৰ। যাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে শ্বিলঙৰ পৰা বহু কম মূল্যত চীনত উৎপাদিত নহৰুৰ এক বৃহৎ ক'লা বজাৰ চলাই থকাৰ তথ্য পোহৰলৈ আহিছে।
সাধাৰণতে অসমলৈ মধ্য প্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা নহৰু সৰবৰাহ হয় যদিও শেহতীয়াকৈ চীনা নহৰুৰে ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই চীনা নহৰু প্ৰতি কেজিত নূন্যতম ২০০ পৰা ২২০ টকা পাইকাৰী মূল্যত বিক্ৰী হৈ থকাৰ বিপৰীতে ইয়াৰ খুচুৰা মুল্য ২৫০-৩০০ টকা।
ইয়াৰ পৰিৱৰ্তে মধ্য প্ৰদেশৰ ইন্দোৰৰ নহৰুৰ পাইকাৰী মূল্য ২৫০ ৰ পৰা ৩০০ টকা আৰু খুচুৰা মুল্য ৪০০ টকা। যাৰ বাবে বজাৰত চীনা নহৰুৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে। আনহাতে, থলুৱা নহৰুৰ বিপৰীতে চীনা নহৰুৰ আকাৰ স্বাভাৱিকতে ডাঙৰ আৰু ইয়াৰ কোনোধৰণৰ গোন্ধ নথকাৰ পৰিপ্ৰেক্ষিতত ইয়াক জনস্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক বুলি বিভিন্নজনে মত পোষণ কৰিছে।
তাৰোপৰি মধ্য প্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা অহা নহৰুৰ মানদণ্ড পৰীক্ষাৰ অন্ততহে অসমত প্ৰবেশ কৰে। কিন্তু চীনত উৎপাদিত নহৰুৰ পৰীক্ষা অবিহনে দৈনিক ট্ৰাকে ট্ৰাকে অসমত আমদানি হোৱাৰ ঘটনাই ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চৰম নিৰ্লিপ্ততাৰ দিশটোকে উন্মোচিত কৰিছে।
সেউজীয়া আৰু ৰঙা লেবেলৰ পেকেটিঙৰ বস্তাত অহা স্পষ্টকৈ "প্ৰডাক্ট অৱ চাইনা" বুলি উল্লেখ আছে। মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত সহজে উপলব্ধ এই চীনা নহৰুৰ উৎসৰ সঠিক অনুসন্ধান কৰিলেই এই সমগ্ৰ বিষয়ে সবিশেষ পোহৰলৈ অহাটো নিশ্চিত।
আনহাতে, নগাঁৱত হয়বৰগাঁৱৰ দুই ব্যৱসায়ী আৰু কলিয়াবৰৰ চুলুঙৰ জনৈক মাইনুল আৰু জনৈক ৱাহিদুৰ নামৰ দুজন ব্যৱসায়ীয়ে এই চীনা নহৰুৰ ক'লা ব্যৱসায় চলাই থকা বুলি জানিব পৰা গৈছে। নগাঁৱৰ বৰবজাৰৰ "গাহৰি বজাৰ" খ্যাত বৃহৎ পাইকাৰী বজাৰৰ ব্যৱসায়ীসকলে জনোৱা মতে, শ্বিলঙৰ পৰা শাক-পাচলি আমদানি -ৰাপ্তানি কৰা একাংশ টাটা মোবাইল আৰু মেজিকৰ জড়িয়তেও দৈনিক চীনা নহৰু নগাঁৱলৈ আহি আছে।
Also Read: অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ একাদশ সমাৱৰ্তন সম্পন্ন...