ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত শিয়ালমাৰীত বৃহস্পতিবাৰে মহিলা, শিশু আৰু কিশোৰীৰ সুষম খাদ্য, পুষ্টি, স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিছন্নতা সম্পৰ্কীয় এক সজাগতা সভা অনুষ্ঠিত হয় । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাল্টি স্কেল কাউঞ্চেলৰ আৰাধানমণি আখণ্ডা সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
আখণ্ডাই মহিলা-কিশোৰীৰ স্বচ্ছতা আৰু স্বাস্থ্য সম্পৰ্কত আলোকপাত কৰে । শিবিৰটোত সংমণ্ডল শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ভক্তি ৰেখা ৰয়, জিলা সমন্বয়ক কুইন বৰা, মূখ্য সেৱিকা উপমা শৰ্মা বৰুৱা, ৰাইনা পাৰবিজা, ৰুৱী ৰাণী বৰাকে প্ৰমূখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত যথেষ্ট সংখ্যক স্থানীয় মহিলাই অংশগ্ৰহণ কৰে ।
Also Read: ভাৰতীয় ক্ৰিকেট দললৈ উভতি আহিব জাহিৰ খান !