ডিজিটেল সংবাদ,বঢ়মপুৰ : ৰাজ্যত বিধানসভা ভিত্তিত উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ । চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ খেয়ালখুচিমতে সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।
ৰাজ্যৰ অনান্য উপ-জিলাসমূহৰ সমান্তৰালকৈ বঢ়মপুৰ উপ-জিলাতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । জানিব পৰা মতে , উপ-জিলাখনৰ সদৰ কাৰ্যালয়টো সমষ্টিটোৰ মধ্যভাগত স্থাপন কৰাৰ বিপৰীতে সমষ্টিটোৰ সীমামূৰীয়া অঞ্চল কামপুৰ নাইবা কঠীয়াতলীত স্থাপন কৰিবলৈ লোৱা পদক্ষেপক সমষ্টিটোৰ গৰিষ্ঠসংখ্যক ৰাইজে সহজভাবে ল'ব পৰা নাই ।
এই সন্দৰ্ভত শনিবাৰে উপ-জিলাৰ সদৰ কাৰ্য্যালয় সমষ্টিটোৰ মধ্যস্থল বঢ়মপুৰতে স্থাপনৰ দাবীত তোলে একাংই। ইয়াৰ মাজতে সমষ্টিটোৰ বিভিন্ন নাগৰিক সভাসমূহৰ সমন্বয়ত গঠন হোৱা বঢ়মপুৰ সমষ্টি উপ-জিলা নাগৰিক সভাৰ "কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতি"ৰ উদ্যোগত আজি বঢ়মপুৰ শনিবৰীয়া সাপ্তাহিক বজাৰৰ সন্মুখত এখন ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত হয় ।
সজাগতা সভাত বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিক প্ৰমুখ্যে কৰি "কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতি"ৰ অন্তৰ্গত নাগৰিক সভাসমূহৰ সভাপতি-সম্পাদক আৰু সদস্যসকল উপস্থিত থাকে। ইয়াৰ উপৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকলে চৰকাৰী পক্ষক সমষ্টিটোৰ জনতাৰ সকলোপ্ৰকাৰে সুবিধা হোৱাকৈ বঢ়মপুৰ উপ-জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰতে স্থাপন কৰিবলৈ দাবী জনাই অঞ্চলটোৰ ৰাইজক সজাগ কৰাৰ লগতে সহায়-সহযোগিতা কামনাৰে ভাষণ প্ৰদান কৰে ।
আজিৰ সজাগতা সভাত " কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতি"ৰ ফালৰ পৰা বঢ়মপুৰ শনিবৰীয়া সাপ্তাহিক বজাৰলৈ অহা ক্রেতা-বিক্ৰেতাসকলৰ লগতে পথচাৰী ৰাইজক একোখনকৈ "গোহাঁৰি পত্ৰ" প্ৰদান আৰু ব্যক্তিগত আৰু ৰাজহুৱা সেৱাত জড়িত বিভিন্ন বাহনত 'বেনাৰ" আদি লগাই ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু সহযোগিতা কামনা কৰা হয় ।
Also Read: উৰিয়াগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী নলিনীকান্ত বণিয়া আৰু নাই