বেবেজীয়াত “কন্যা শিশুৰ অধিকাৰ” শীৰ্ষক সজাগতা সভা

বেবেজীয়াত “কন্যা শিশুৰ অধিকাৰ” শীৰ্ষক সজাগতা সভা

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত “কন্যা শিশুৰ অধিকাৰ” শীৰ্ষক সজাগতা সভা

ডিজিটেল সংবাদ, বেবেজীয়াঃ দেশত দিনক দিনে কন্যা শিশুৰ ওপৰত বৃদ্ধি পোবা নিৰ্যাতনৰ লগত সংগতি ৰাখি “কন্যা শিশুৰ অধিকাৰ” শীৰ্ষক এখনি সজাগতা সভা বৃহস্পতিবাৰে বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হয়। সজাগতা সভাখন সঞ্চালনা কৰে বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই।

সজাগতা সভাখনত কন্যা শিশুৰ অধিকাৰৰ ওপৰত সাৱলীলভাৱে ব্যাখ্যা আগবঢ়াই জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিব মনিকা মিছঙে। কন্যা শিশুসকলে সাধাৰণতে ভুগি থকা বিভিন্ন সমস্যাৰাজি যাতে মনে মনে নিজৰ ভিতৰতে নাৰাখি পৰিয়ালৰ জ্যেষ্ঠজনক বা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক অবগত কৰি ভুক্তভোগী কন্যা শিশু সকল যাতে মানসিক চাপৰ পৰা মুক্ত হব তাৰ বাবে তেওঁ আহ্বান জনাই।

সজাগতা সভাখনিত উপস্থিত থাকি আইন সেৱা প্ৰাধিকাৰীৰ ডেপুটি চিফ লিগেল কাউঞ্চিলৰ বুলবুলি শৰ্মাই বিদ্যালয়ৰ ছাত্ৰী সকলক কন্যা শিশু সকলৰ মৌলিক অধিকাৰৰ সম্পৰ্কত বিষদভাৱে ব্যাখ্যা আগবঢ়াই। বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই ছাত্ৰী সকলক তেওঁলোকৰ গৃহত মাজে সময়ে পৰিয়াল কেন্দ্ৰীক সমস্যা সমূহত ভুগি থকা বিষয় সমূহ বা আন বিষয়ত মন মাৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত বহি থকা দেখিলে সেই বিষয় সমূহৰ ওপৰত আলোচনাৰ মাধ্যমৰে মিমাংসা কৰিবলৈ ছাত্ৰী সকললৈ আহ্বান জনাই সজাগতা সভাখনিৰ সফল সামৰণি পৰে ৷

সজাগতা সভাখনত বিদ্যালয়ৰ প্ৰায় ডেৰশতাধিক ছাত্ৰী উপস্থিত থকাৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তা সকলৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী বৃন্দ উপস্থিত থাকে৷

Also Read: মাণিকপুৰ উপ-জিলা গঠনৰ দাবীত ৫ শতাধিক ৰাইজৰ প্ৰতিবাদ

nagaon