পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন...

পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন...
পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ চামগুৰিঃ নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণীৰ পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালযখনৰ প্ৰধান শিক্ষক জগত জ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনতেই বিদ্যালয়খনৰ শিক্ষক যতীন্দ্ৰ নাথ কলিতাক বিদায়সম্বৰ্ধনা জ্ঞাপন কৰে।

বিদ্যালয়খনৰ শিক্ষক দীপক চন্দ্ৰ বৰাই আঁত ধৰা সভাখনত ১৯৮৯চনতেই কৰ্তব্যত যোগদান কৰি ২০ এপ্ৰিল ২০২৪লৈকে সততা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব সম্পাদন কৰা যতীন্দ্ৰ নাথ কলিতাৰ বিদায় বেলাত বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষকে তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰি আবেগিক হৈ পৰে। উক্ত বিদায় সম্বৰ্ধনা সভাখনত বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক ললিত চন্দ্ৰ শ‌ইকীয়া, প্ৰাক্তন শিক্ষয়িত্ৰী ফুলমাই বৰা,হিমানী গোস্বামী, শিক্ষয়িত্ৰী জুন্টি দাধৰা,অনিমা কলিতা,ভানু হাজৰিকা,অমৃতা শ‌ইকীয়া,পল্লৱী কলিতা,সবিতা পাঠক আৰু সৰ্বানন্দ বৰাৰ লগতে যথেষ্ট সংখ্যক গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে যতীন্দ্ৰ নাথ কলিতাক বিদ্যালয় কৰ্তৃপক্ষই এখন গামোচা,চেলেং, সম্বৰ্ধনা পত্ৰ,এখন শৰাই আৰু এখন গীতা পুথিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ।

পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন...
ৰামেই মোডীৰ ভৰসাঃ ক'লে কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰত লাগিত তলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in