ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ বৰপথাৰত শুকুৰবাৰে পুৱা আৰক্ষীয়ে এখন বাৰ্মিজ চুপাৰি ভৰ্তি বাৰচকীয়া ট্ৰাক জব্দ কৰে। জানিব পৰা মতে গোপন খবৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই উক্ত ট্ৰাকখন বৰপথাৰ নগৰৰ ঘনশ্যাম বৰুৱা পথত জব্দ কৰে।
সন্দেহ কৰা মতে উক্ত সামগ্ৰীখিনি নাগালেণ্ডৰ পৰা দয়ালপুৰ, চাংখাটি, গেলাবিল হৈ সৰবৰাহ কৰিবলৈ লওঁতেই বৰপথাৰত আৰক্ষীৰ জালত পৰে চুপাৰি ভৰ্তি পি বি ১২ ওৱাই ৭৩৬৭নম্বৰৰ ট্ৰাকখন৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালক চৰণ সিঙক আটক কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷
উল্লেখ্য যে ধনশিৰিৰ বিভিন্ন স্থানত কিছু দিনৰ অন্তৰালত এনে সামগ্ৰী জব্দ কৰা সন্দৰ্ভত মহকুমাটোক এক অসাধু চক্ৰই কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
Also Read: অসম অৰুণাচল প্ৰদেশ সীমান্তত গাঁও এৰি যাবলৈ সীমান্তবাসী অসমীয়াক ভাবুকি দুৰ্বৃত্তৰ...