ন-ৰূপত দুৰ্বৃত্তই জ্বলাই ছাৰখাৰ কৰা বটদ্ৰৱা আৰক্ষী থানা

২০২২ চনৰ ২১ মে' দিনটো বটদ্ৰৱাৰবাসীৰ বাবে অভিশপ্ত দিন হিচাপে পৰিগণিত হৈছিল।

author-image
Asomiya Pratidin
New Update
ন-ৰূপত দুৰ্বৃত্তই জ্বলাই ছাৰখাৰ কৰা বটদ্ৰৱা আৰক্ষী থানা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ২০২২ চনৰ ২১ মে' দিনটো বটদ্ৰৱাৰবাসীৰ বাবে অভিশপ্ত দিন হিচাপে পৰিগণিত হৈছিল। সেই দিনটোতে চফিকুল ইছলাম নামৰ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু পৰৱৰ্তী সময়ত একাংশ দুষ্কৃতিকাৰীয়ে পেট্ৰ'ল ঢালি বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিছিল। যাৰ পৰিপেক্ষিত থানাৰ গৃহটি সম্পূৰ্ণ ভাৱে জ্বলি চাই হৈ যায়।

পৰৱৰ্তী দিনত থানা জ্বলোৱাৰ লগত জড়িত বহুতৰে বাসস্থান বুল্ড'জাৰ লগাই ভাঙি পেলোৱাৰ লগতে কেইবাজনকো কৰায়ত্ত কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰা কৰাও হৈছিল। আৰু অৱশেষত সোমবাৰে পুনৰ নিৰ্মান সম্পূৰ্ণ হ'ল জ্বলি ছাই হৈ যোৱা থানাগৃহটিৰ। কলা অধ্যায় মচি আৰম্ভ হ'ল নতুন দিনৰ। বটদ্ৰৱাৰ জ্বলোৱা থানৰ সেই ঠাইডোখৰতে আজি এটি আটকধুনীয়া গৃহ নিৰ্মাণ কৰি মুকলি কৰা হয়। বটদ্ৰৱা আৰক্ষী থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয় হিচাপে উক্ত গৃহটি সোমবাৰে মুকলি কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই।

বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়াৰ সহযোগত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ পুঁজিৰে ১০ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মিত গৃহটিৰ দ্বাৰ মুকলি কৰি নগাঁও জিলা আৰক্ষী অধীক্ষক নবনীত মহন্তই কয়- "নিজকে সৌভাগ্যৱান বুলি ভাৱো। কিয়নো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ আৰক্ষী থানাত তেওঁ আহি সেৱা কৰিবলৈ সুবিধা পাইছো।" লগতে অঞ্চলটোত প্ৰচলিত হৈ থকা মদ, ভাং, ড্ৰাগছ, জুৱা আদি নানা ধৰণৰ অনৈতিক কাৰ্যকলাপ বিৰুদ্ধে সকলোকে সজাগ হ'বলৈ তেওঁ আহ্বান জনায় ৷

উল্লেখ্য যে, এই অনুষ্ঠানত বটদ্ৰৱা থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি ইন্দ্রমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বটদ্ৰৱা উন্নয় খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখা গগৈ, বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা, গাওঁৰক্ষী বাহিনীৰ চক্ৰ বিষয়া ৰঞ্জিত কুমাৰ শৰ্মা, মোহন বৰুৱাকে প্ৰমুখ্য কৰি বটদ্ৰৱা থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Also Read: মহানগৰীত ধন লুটৰ ঘটনাঃ দিনদুপৰতে লাখ টকা লুটি উধাও দুৰ্বৃত্ত

Assam police