ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ ব্যপক উন্নয়ন হৈছে বুলি চৰকাৰে ঢাক ঢোল বজাই থকাৰ মাজতে শিক্ষা বিভাগৰ এক পয়ালগা ছবি পোহৰলৈ আহিছে। নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চৌদিশ ভৰি পৰিছে পানীয়ে। নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বৰভেটি মোক্তাব বিদ্যালয়ত সৃষ্টি হৈছে এই পৰিৱেশৰ।
এই বিদ্যালয়খনলৈ অহাৰ একমাত্ৰ পথটোৰে পানীৰ মাজেৰে বিপদসংকুলভাৱে ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰিব লগা হৈছে। এই সমস্যা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, জিলা শিক্ষা বিষয়া আৰু জনপ্ৰতিনিধিক অৱগত কৰিছে যদিও এই পৰ্যন্ত একো সুফল লাভ কৰিব পৰা নাই।
Also Read: প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুতিথি…