"বটদ্ৰৱা নাগৰিক মঞ্চ"ৰ প্ৰতিবাদী সভাঃ ধিঙৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবী

বটদ্ৰৱাত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ উচিত তদন্তৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ
"বটদ্ৰৱা নাগৰিক মঞ্চ"ৰ প্ৰতিবাদী সভাঃ ধিঙৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবী
"বটদ্ৰৱা নাগৰিক মঞ্চ"ৰ প্ৰতিবাদী সভাঃ ধিঙৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবী
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা অঞ্চলৰ সচেতন নাগৰিকসকলৰ উমৈহতীয়া মঞ্চ "বটদ্ৰৱা নাগৰিক মঞ্চ"ৰ আজি বটদ্রৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত যোৱা ২২ আগষ্টত ধিঙত এগৰাকী কিশোৰী শ্লীলতা হানি, নিৰ্যাতনৰ ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰা হয়।

লগতে সভাত বৃহত্তৰ বটদ্ৰৱা অঞ্চলত ক্ৰমাৎ বাঢ়ি অহা অপৰাধজনিত ঘটনা যেনে চুৰি, ডকাইতি, ড্ৰাগছৰ ব্যৱসায়, অবৈধ সুৰাৰ দোকান আদি বিষয়ত চিন্তা ব্যক্ত কৰে। ইফালে বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰ, সতীৰাধিকা স্মৃতি ক্ষেত্ৰ, বটদ্ৰৱা থান-কৰৈগুৰি সংযোগী পথ আৰু নৱনিৰ্মিত বটদ্ৰৱা প্ৰকল্পস্থলীত একাংশ দুষ্ট প্ৰকৃতিৰ উদন্ত লোকে কুকৰ্মত লিপ্ত হোৱাৰ বিষয়ে আলোচনা কৰা হয়।

পৰবৰ্তী সময়ত এই সমগ্ৰ বিষয়ৰ উচিত ব্যবস্থাৰ দাবী তুলিশনগাঁও জিলা আয়ুক্তলৈ বটদ্ৰৱা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

"বটদ্ৰৱা নাগৰিক মঞ্চ"ৰ প্ৰতিবাদী সভাঃ ধিঙৰ ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবী
শ্বিলং লাজং ক্লাবক পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in