পুথিচিত্ৰ কৰ্মশালাৰ সফল সামৰণি...

পুথিচিত্ৰ কৰ্মশালাৰ সফল সামৰণি...

Published on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৱাহাটীৰ 'এনইএইচএইচডিচি'ৰ বামুণীমৌদামস্থিত কাৰ্যালয়ত অসমৰ পুথিচিত্ৰৰ ৫দিনীয়া কৰ্মশালাৰ শুকুৰবাৰে অন্ত পৰে। অসমী২৪ আৰু নর্থ ইস্টার্ন হস্তশিল্প আৰু তাঁত উন্নয়ন কর্পোৰেছনৰ ব্যৱস্থাপনাত আয়োজিত এই কৰ্মশালাৰ প্ৰশিক্ষক অসমৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন পুথিচিত্ৰ শিল্পী সুজিত দাস।

যোৰহাট, নলবাৰী, ৰঙিয়া, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা একুৰি প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। সাঁচিপাতত হেঙুল হাইতালেৰে অসমৰ এক পুৰণি পৰম্পৰাক জীয়াই ৰখা উদ্দেশ্যে এনেধৰণৰ কৰ্মশালাৰ প্ৰয়োজন আছে বুলি শিল্পী সুজিত দাসে কয়।

১এপ্রিলৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা ৫এপ্ৰিল লৈকে চলা এই কৰ্মশালাৰ আয়োজন কৰা অসমী২৪ নামৰ সংগঠনটোৰ সদস্য ডেজি লুইছ, সুকন্যা ৰাজকুমাৰ আৰু শান্তি দলেই জানিব দিয়ে যে সাঁচিপাত আৰু পৰম্পৰাগত ৰঙেৰে এই পুথিচিত্ৰৰ কৰ্মশালা ইমান সুন্দৰ কৈ হৈ গৈছে যে আকৌ ইতিমধ্যে বহু কেইজনে গুৱাহাটী আয়োজন কৰিবলৈ অনুৰোধ জনাইছে।

সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটিত নর্থ ইস্টার্ন হস্তশিল্প আৰু তাঁত উন্য়ান কর্পোৰেছনৰ পৰিচালক আৰ কে সিং, উপদেষ্টা ড০ শ্ৰপৰ্ণা বৰুৱা, বিশিষ্ট চিত্ৰশিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু দেৱেন দেৱান উপস্থিত থাকে।

পুথিচিত্ৰ কৰ্মশালাৰ সফল সামৰণি...
নাগালেণ্ডৰ ১০ মহিলা উদ্যোগী গোটে জিনিছে দেশবাসীৰ হৃদয়...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in