বটদ্ৰৱাত নাৰীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী সমদল

বটদ্ৰৱাত নাৰীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী সমদল
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পবিত্র ভাদ মাহত সত্ৰৰ আইমাতৃয়ে উলিয়ালে প্ৰতিবাদী সমদল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি বোৱাৰী আই কনকলতা (আইলক্ষ্মী) থানৰ সন্মুখৰ পৰা খিলঞ্জীয়া নাৰীৰ সুৰক্ষাৰ দাবীত উলাই আহি শ শ আইমাতৃ। হাতে হাতে বেনাৰ লৈ খিলঞ্জীয়াক সুৰক্ষা দিয়ক, নাৰী নিৰ্যাতন বন্ধ কৰক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, অসমীয়া চৰকাৰ হুচিয়াৰ, অসম চৰকাৰ হায় হায়, "আমাৰ দাবী মানিব লাগিব" আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

যোৱা ২২ আগষ্টত ধিঙৰ কিশোৰী দলবদ্ধ ধৰ্ষণ কাণ্ডৰ লগতে সমগ্র ৰাজ্যতে হৈ থকা নাৰী নিৰ্যাতন, ধৰ্ষণ আদি ঘটনাৰ প্ৰতিবাদত আইমাতৃসকলে ঐতিহ্যমণ্ডিত আইলক্ষ্মী থানৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী মহিলাসকলে আইভেটি, পহুকটা, বড়ি বজাৰ, পাঁচআলি, ৰাইডঙীয়া আদি অঞ্চলত পদব্ৰজে সমদল কৰি অসম চৰকাৰক নাৰী সুৰক্ষাৰ দাবী তুলি পৰিবেশ উত্তাল কৰি তুলিলে।

বটদ্ৰৱাত নাৰীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী সমদল
কলাক্ষেত্ৰত এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ বঁটা প্ৰদান অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in