ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ২০ দিনীয়া নাট কৰ্মশালা...

ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ২০ দিনীয়া নাট কৰ্মশালা...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান 'প্ৰজন্ম'ই বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ২০ দিনীয়া প্ৰযোজনা ভিত্তিক এখনি নাট কৰ্মশালাৰ আৰম্ভ কৰিছে। বৰ্তমান সময়ত সমাজখন বৌদ্ধিক চিন্তাৰ চৰ্চা বহু পৰিমাণে হ্ৰাস পায় আহিছে। এই কালসময়চোৱাত বহু শিশু, কিশোৰ অবাটে গৈছে।

কোনোবাজন যদি অসামাজিক ব্যাধিৰ স্বীকাৰ হৈছে, কোনোবাজনৰ আকৌ মোবাইলৰ পৰা মূৰ দাঙি চাবলৈ সময় নাই। এনে সময়তে 'প্ৰজন্ম'ই এক উদ্দেশ্যৰ দিশে আগবাঢ়ি নাটকৰ কৰ্মশালা ৰাইডঙীয়া অঞ্চলৰ শিশু, কিশোৰসকলক বাবে আগবঢ়াই দিয়ে। এক সুস্থ সৃষ্টিশীল পৰিৱেশৰ সৈতে পৰিচয় কৰাযই দিয়াৰ বাবে সোমবাৰে ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হয় এই কৰ্মশালা।

সোমবাৰে কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানটিৰ আৰম্ভণিতে পাতাকা উত্তোলন কৰে প্ৰজন্মৰ উপসভাপতি হেমন্ত কলিতাই, ইয়াৰ পাছতেই নটৰাজৰ সমুখত বন্তি প্ৰজ্বলন কৰে ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি নব কমল ৰাজাই। অঞ্চলটোৰ প্ৰয়াত নাট্যকমী ৰাজমেধিৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে আইভেটি গাঁও পঞ্চায়তৰ সভাপতি দেহিৰাম বৰাই।

শুভাৰম্ভ অনুষ্ঠানটিৰ সভাৰ সভাপতিত্ব কৰে ৰাইডঙীয়া হলিৰাম শ‌ইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসে। প্ৰজন্মৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য তত্বাৱধায়ক শংকৰজ্যোতি শমাই আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী ললিত মেধি, প্ৰভাস বৰা, ৰোহিনী বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। কৰ্মশালাখনি উদ্বোধন কৰে নাট্যকাৰ পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাই।

ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ২০ দিনীয়া নাট কৰ্মশালা...
সাহিত্যিক, গল্পকাৰ, সাংবাদিক ড° সাৰদানন্দ দেৱগোস্বামীৰ দেহাৱসান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in