ডিজিটেল সংবাদ,বটদ্ৰৱা: ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে সোমবাৰে সম্প্ৰীতিৰ ভোজন কাৰ্যসূচী ৰূপায়ণ কৰে। এই সম্প্ৰীতিৰ ভোজন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰভেটি মোক্তাবত এখনি সভা অনুষ্ঠিত কৰা হয়।
আব্দুল বাৰেকৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি বটদ্ৰৱা সাংবাদিক সন্থাৰ কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱাই কয় যে,সমাজত সমতা, সামাজিক ন্যায় আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধক সজীৱ সচেতন কৰিবলৈ হ’লে প্ৰাথমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোত এই কথা উল্লেখ আছে যে শিশুৰ শিক্ষা লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি চৰকাৰে প্ৰদান কৰিব লাগে। কিন্তু এই শিক্ষানুষ্ঠান খনৰ আন্তঃগাঁথনি খুবেই দুখজনক। তথাপি বহু কষ্টেৰে শিক্ষাদান কৰা শিক্ষক শিক্ষয়িত্ৰী সকলক তেখেতে প্ৰশংসা কৰে।
বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ কুমাৰ মহন্তই আঁত ধৰা সভাত উপস্থিত থাকি সাংবাদিক মোস্তুফা চেলিম আহমেদে "চৰকাৰী শিক্ষাৰ বিপৰ্য্যয়ৰ বিপৰীতে হাজাৰ বাধা বিঘিনি নেওচি সুন্দৰকৈ পৰিচালিত বিদ্যালয় খনৰ উত্তৰোত্তৰ কামনা কৰে। জ্যেষ্ঠ নাগৰিক আব্দুল খালেক, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্রী জোনমনি বেগম, শিক্ষয়িত্ৰী মঞ্জুলা কলিতা, আবুল কাছেম, পূজা হাজৰিকা, বিশ্বজ্যোতি বৰা, আজিজুল হকৰ লগতে অভিভাৱক, বটদ্ৰৱা সাংবাদিক সন্থাৰ সাংবাদিক সকলৰ উপস্থিতিত অনুষ্ঠানৰ আৰম্ভণিতে বটদ্ৰৱাৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ সদ্য প্ৰয়াত কৰুণা নন্দ দেৱ গোস্বামীৰ আত্মৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়।