বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত দৌল মন্দিৰৰ পৰা বিশাল সমদলেৰে ত্রিৰংগা যাত্ৰা

বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত দৌল মন্দিৰৰ পৰা বিশাল সমদলেৰে ত্রিৰংগা যাত্ৰা
Published on
Updated on

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত প্ৰতিজন নাগৰিকক স্বাধীনতা দিৱসৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যে দৌল মন্দিৰৰ পৰা ত্রিৰংগা যাত্ৰাৰ এক বিশাল সমদল উলিওৱা হয়। বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত অসম গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী হাতত লয়।

দৌল মন্দিৰৰ পৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এই ত্রিৰংগা যাত্ৰাৰ শুভাৰম্ভ কৰে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখা গগৈয়ে। বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক মিন্টু ডেকাই আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ দাস, জীবিকা সখী, পশু সখী, কৃষি সখী, মণ্ডল পৰ্যায়ৰ বিষয়ববীয়া, আত্মসহায়ক গোটৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in