বিকাশৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান

বিকাশৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শিশুৰ বাবে উৎসৰ্গিত সংগঠন "বিকাশ"য়ে ছেপ্টেম্বৰ মাহৰ ৪টা দেওবাৰে আয়োজন কৰা যোগাসনৰ প্ৰশিক্ষণৰ দেওবাৰে সামৰণি পৰে। শতাধিক শিশুৰ অংশগ্ৰহণৰে ৰাইডঙীয়াৰ সামূহিক ভৱনত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক জামুগুৰিৰ মনোজ বৰুৱা আৰু নৱজিৎ গোস্বামীয়ে প্ৰশিক্ষণটি পৰিচালনা কৰে। দেওবাৰৰ সামৰণি অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসন প্ৰদৰ্শন কৰি সুখ্যাতি অৰ্জন কৰা ৰহা অঞ্চলৰ উদীয়মান প্ৰতিভা অভিজ্ঞান নাথ আৰু স্তুতি দেৱীৰ যোগকলা প্ৰদৰ্শন।

ইয়াৰ লগতে যোগৰ বিষয়ে আৰু শিশুসকলৰ স্বাস্থ্য সজাগতা সম্পৰ্কে বটদ্ৰৱা ৰাজ্যিক চিকিৎসালয়ৰ ডাঃ যোগেন ডেকাই দিহা-পৰামৰ্শ আগবঢ়ায়। বিকাশৰ যোগাসনৰ বিভাগীয় সম্পাদক শিৱ প্ৰসাদ বৰা আৰু প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানত বিকাশৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈ, বিষয়ববীয়া ক্ৰমে কবিন চন্দ্ৰ পাটৰ, বোধেন চন্দ্ৰ বৰা, অৰুণ শইকীয়া, বিচিত্ৰ নাৰায়ণ শইকীয়া, জগৎ চন্দ্ৰ দাস, খগেন বৰুৱা, সপোন ভূঞা, কিৰণ কুমাৰ হাজৰিকা, দ্বীপজ্যোতি শইকীয়া, যতীন চন্দ্ৰ বৰা আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত প্ৰমাণ পত্ৰ সম্বলিত বিকাশৰ পুস্তিকা আৰু ক্ৰান্তিকাল প্ৰকাশনে অজন্তা প্ৰেছৰ ৫০ বছৰ আৰু ক্ৰান্তিকাল প্ৰকাশন ৰ ২৫ বছৰ উপলক্ষে মুদ্ৰণ কৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত "কামত কৃতিত্ব লভিবৰ সংকেত" নামৰ পুস্তিকাখন বিতৰণ কৰে।

বিকাশৰ উদ্যোগত অনুষ্ঠিত যোগাসন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান
কাজিৰঙাৰ কহঁৰা নৈক সুস্থভাৱে জীয়াই ৰখাৰ সংকল্পৰে উদযাপন বিশ্ব নদী দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in