নগাঁৱৰ বৃহৎ শামুকভঙা কলনি সংৰক্ষণৰ বাবে গঠন 'বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি'...

পথ বহলোৱাৰ নামত গছ কটাৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বৃহৎ শামুকভঙা কলনি সংৰক্ষণৰ বাবে গঠন 'বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি'...

নগাঁৱৰ বৃহৎ শামুকভঙা কলনি সংৰক্ষণৰ বাবে গঠন 'বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি'...

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ সচেতন ৰাইজৰ স'তে নগাঁৱৰ পৰিৱেশ সংগঠন পান্থতৰু সংৰক্ষণী অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সজাগতামূলক সভাত গঠন হয় "বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি"। উল্লেখযোগ্য ২০১৬ চনত বাসস্থান হেৰুওৱা ২০ যোৰা শামুকভঙা চৰাই বিৰহ বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ ওখ গছবোৰত আহি আশ্ৰয় লৈছিল৷

এইদৰে ২০১৬ চনৰ পৰা নীড়হাৰা অনেক চৰাইয়ে তালৈ নিতৌ আহিবলৈ ধৰিছিল৷ শামুকভঙাৰ লগতে বগলী, সাৰেং, পানীকাউৰী আদি চৰাইয়ে ভয় ভয়কৈ চৌহদৰ গছবোৰত আশ্ৰয় বিচাৰি আহিছিল৷ স্বাস্থ্যকেন্দ্ৰত কৰ্মচাৰী-চিকিৎসকৰ লগতে বিৰহ বেবেজীয়াৰ সচেতন দায়িত্বশীল নাগৰিকে নীড়হাৰা চৰাইজাকক আকোৱালি লোৱাৰ ফলত চৌহদটোৰ আশে পাশে সৃষ্টি হ'ল শামুকভঙাৰ এক বিৰাট কলনি। ইয়াত এতিয়া প্ৰায় ছয় হেজাৰতকৈ অধিক শামুকভঙাই আশ্ৰয় গ্ৰহণ কৰি আছে।

কিন্তু প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই দৃষ্টি নন্দন পক্ষীৰ আলয় ধ্বংস কৰিবলৈ শেহতীয়াভাৱে নগাঁও লোক নিৰ্মাণ বিভাগে পথ বহলোৱাৰ নামত প্ৰাকঃকলন প্ৰস্তুত কৰি সেই ঠাইৰ দুই কিলোমিটাৰ পথৰ কাষৰ গছবোৰ কাটিবলৈ বিছৰাত প্ৰকৃতিপ্ৰেমী সকল ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷

লোক নিৰ্মাণ বিভাগৰ এই প্ৰকৃতি ধ্বংস অভিযান বন্ধ কৰিবলৈ সোমবাৰে পান্থতৰুৰ সহযোগ আৰু পৰামৰ্শত বিৰহ বেবেজীয়া জ্ঞানদ্বীপ পুথিভঁৰালত অনুষ্ঠিত ৰাজহুৱা সভাত গঠন হয় - 'বিৰহ বেবেজীয়া পৰিৱেশ সংৰক্ষণ সমিতি'৷ ৰাইজে সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে অঞ্চলটোৰ সচেতন সমাজকৰ্মী বলীন্দ্ৰ বৰকাকতিক আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে অঞ্চলটোৰ সৰবৰহী যুৱক নয়নজ্যোতি শইকীয়াক৷

এখন প্ৰায় ৩১ জনীয়া সমিতি গঠন হোৱা সভাত উপস্থিত থাকে বিৰহ বেবেজীয়াৰ পক্ষীপ্ৰেমী নিত্যানন্দ নাথ, খগেন কলিতা, প্ৰদীপ বৰা আদিৰ লগতে অঞ্চলটোৰ সচেতন যুৱক সকল৷ পান্থতৰুৰ সম্পাদক বুবুল শৰ্মাই আঁত ধৰাত সভাত উপস্থিত থাকে পান্থতৰুৰ বিষয়ববীয়া তথা পৰিৱেশকৰ্মী ববিতা শইকীয়া,গনেশ বৰা,ধন শৰ্মা,নৃপেন শইকীয়া,নয়ন কমল শইকীয়া,পংখী বৰা,লক্ষ্যজ্যোতি বৰা,দীপজ্যোতি বৰা আদি৷

সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যি কোনো চৰ্তত বৃহৎ চৰাই কলনিটোৰ ৰক্ষণাবেক্ষণ দিয়া হ'ব। কলনিটোৰ স্বাৰ্থত এই পক্ষী অঞ্চলটোৰ দুই কিলোমিটাৰ বাটৰ সকলো গছক সুৰক্ষা প্ৰদান আৰু বাটটোৰ দুয়োকাষে ৰাইজক সজাগ কৰিবৰ বাবে বেনাৰ আদি লগোৱা হ'ব।

ইয়াৰ বিশেষ সংৰক্ষণৰ দাবীলৈ বনবিভাগ, বিধায়ক, জিলা আয়ুক্ত আৰু গড়কাপ্তানি বিভাগক আবেদন পত্ৰ প্ৰদান কৰা হ'ব৷ আশা কৰা হৈছে জলবায়ু পৰিৱৰ্তন তথা তীব্ৰ উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত গছ সুৰক্ষাৰ বাবে ব্যাপক জাগৰণৰ সৃষ্টি হ'ব আৰু বিৰহ বেবেজীয়াৰ এই বৃহৎ চৰাই কলনিটো এক আদৰ্শ পক্ষী কলনি হিচাপে অসমৰ ৰাইজ, বনবিভাগ, স্হানীয় বিধায়ক তথা চৰকাৰে দায়িত্ব ল'বলৈ আগবাঢ়ি আহিব৷

পান্থতৰু সংৰক্ষণী অসমৰ বিশ্বাস বিৰহ বেবেজীয়াৰ ৰাইজৰ এই মহান চিন্তা আৰু পদক্ষেপৰ সফল সংৰক্ষণৰ কাহিনী ইতিহাসৰ পৃষ্ঠাত এদিন লিপিবদ্ধ হ'ব৷

Also Read: ৰঙিয়া ৬৭ সংখ্যক কছাৰীমহল বাৰোৱাৰী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি...

বেবেজীয়া শামুকভঙা কলনি