ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়াৰ সমীপৰ পূব জামুগুৰি নিবাসী কৃতি শিক্ষক প্ৰয়াত নন্দেশ্বৰ হাজৰিকাৰ পত্নী তথা ধৰ্মপ্ৰাণা মহিলা ভাৰতী হাজৰিকা আৰু নাই। আইনাম-দিহানামৰ অনুৰাগী, অমায়িক ভাৰতী হাজৰিকাৰ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয় ৷
মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৭৫ বছৰ। উল্লেখ যে, কিছু বছৰৰ পৰা শাৰীৰিক অসুস্থাত ভোগাৰ অন্তত কিছু সুস্থ হৈছিল যদিও প্ৰায় এসপ্তাহৰ পৰা জ্বৰত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল। কিন্তু অকাস্মাৎ গা বেয়া লগাত শ্বাস-প্ৰশ্বাস লোৱাত অসুববিধা অনুভৱ কৰা বুলি কৈ জীৱন নাটৰ সামৰণি মাৰে ভাৰতী হাজৰিকাই।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এবছৰ পূৰ্বে অকালতে বৰপুত্ৰক হেৰুৱাই শোকাৰ্ত হৈ আছিল সৰবৰহী মহিলাগৰাকী। মৃত্যুৰ সময়ত অসমীয়া প্ৰতিদিনৰ সাংবাদিক তথা পুত্ৰ দেৱজিৎ হাজৰিকা, এগৰাকী কন্যা, তিনিগৰাকী বোৱাৰী, এজন জোঁৱাই তথা নাতি নাতিনীসহ অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷
তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে ৷ সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী উমেশ দাস, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, সাংসদ প্ৰদ্যুত বৰদলৈ, বিধায়কদ্বয় ৰূপক শৰ্মা, শশীকান্ত দাস আদিয়ে গভীৰ শোক প্ৰকাশ কৰে ৷