ধিঙৰ যৌন নিৰ্যাতনকাৰীক চিৰিয়াখানাত গতাই দিয়াৰ দাবী ভৱেশ কলিতাৰ...

অভিভাৱককো সচেতন হোৱাৰ আহ্বান
ধিঙৰ যৌন নিৰ্যাতনকাৰীক চিৰিয়াখানাত গতাই দিয়াৰ দাবী ভৱেশ কলিতাৰ...
ধিঙৰ যৌন নিৰ্যাতনকাৰীক চিৰিয়াখানাত গতাই দিয়াৰ দাবী ভৱেশ কলিতাৰ...
Published on
Updated on

ডিজিটেল সংবাদ ৰঙিয়াঃ ধিঙত এগৰাকী ছাত্ৰীৰ সৈতে সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাৰে জড়িত ৩ অপৰাধীক চিৰিয়াখানাত গতাই দিয়াৰ আহ্বান জনালে ৰাজ্যিক বিজপিৰ সভাপতি ভৱেশ কলিতাই। কলকতাৰ চিকিৎসকৰ সৈতে সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদ অসমতো অব্যাহত থকাৰ সময়তে ধিঙত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই তুলিছে।

সৰ্বত্ৰে ইয়াৰ প্ৰতিক্ৰিয়া আৰু কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে। তাৰ মাজতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ধিংৰ ধৰ্ষণকাৰীসকলক চিৰিয়াখানাত গতাই দিয়ক অথবা জনতাৰ মাজত গতাই দিয়ক।

হাজোত উপস্থিত হৈ তেওঁ কয়, এটা চক্ৰই ৰাজ্যজুৰি অসমীয়া জীয়ৰী-বোৱাৰী ওপৰত অত্যাচাৰ চলাইছে। লগতে তেওঁ অভিভাৱকসকলকো কিছু পৰিমাণে সজাগ হ'বলৈও আহ্বান জনাইছে।

ধিঙৰ যৌন নিৰ্যাতনকাৰীক চিৰিয়াখানাত গতাই দিয়াৰ দাবী ভৱেশ কলিতাৰ...
নেহৰুৰ ঐতিহাসিক সিদ্ধান্তক অনুসৰণ মোডীৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in