বটদ্ৰৱাত ভেলাঘৰত পৰম্পৰাগত নাম কীৰ্তন...

বটদ্ৰৱাত ভেলাঘৰত পৰম্পৰাগত নাম কীৰ্তন...
বটদ্ৰৱাত ভেলাঘৰত পৰম্পৰাগত নাম কীৰ্তন...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন। সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি নাম কীৰ্তন কৰি ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ বাবে মংগল কামনা কৰিলে বটদ্ৰৱাবাসী ৰাইজে।

অসমীয়া জাতীয় উৎসৱ তথা বাপতি সাহোন ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথা সত্রীয়া শৈলীৰ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আজি বিহুৰ উপলক্ষে বটদ্রৱাবাসী ৰাইজ ভেলাঘৰত সমবেত হৈ 'গ’ল কুঁজি গ’ল চন্দন পিন্ধাৱলৈ গ’ল...’ শীৰ্ষক দিহা পৰিবেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা জনোৱা ঐতিহ্যময় কৃষ্টিৰে বৰদোৱাৰ ৰাইজে ভোগালী বিহুটি উদযাপন কৰে।

বটদ্ৰৱাত ভেলাঘৰত পৰম্পৰাগত নাম কীৰ্তন...
সোণাৰীত ৰে'লৰ খুন্দাত যুৱক নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in