নগাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা কৰি দেশৰ দ্বাদশ জ্যোতিলিঙ্গ দৰ্শন বিবেক সাহানীৰ

নগাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা কৰি দেশৰ দ্বাদশ জ্যোতিলিঙ্গ দৰ্শন বিবেক সাহানীৰ

author-image
Asomiya Pratidin
New Update
 নগাঁৱৰ পৰা  চাইকেলেৰে যাত্ৰা কৰি দেশৰ দ্বাদশ জ্যোতিলিঙ্গ দৰ্শন বিবেক সাহানীৰ

ডিজিটেল সংবাদ , নগাঁও: দেশৰ ১২ টা জ্যোতিলিঙ্গ চাইকেলেৰ পৰিভ্ৰমণ কৰে নগাঁও চহৰৰ তেলিয়াপট্টি চানমাৰী পথৰ বিবেক সাহানী নামৰ এজন যুৱকে। ভগৱানৰ প্ৰতি থকা ভক্তি আৰু আত্মবিশ্বাসেৰে চাইকেল চলাই অকলশৰে প্ৰায় ৯৩০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি দেশৰ বিভিন্নস্থানত সিঁচৰিত হৈ থকা দ্বাদশ জ্যোতিলিঙ্গ দৰ্শন কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ ১৫ আগষ্টত বিবেকে নগাঁও চহৰৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত বাৰটাকৈ জ্যোতিলিঙ্গ দৰ্শন কৰোতে সময় লয় ১০৮ দিন। প্ৰথমে ঝাৰখণ্ডস্থিত বৈদ্যনাথ জ্যোতিলিঙ্গ দৰ্শন কৰাৰ পাচত বিশ্বনাথ, ভীমাশংকৰ, কেদাৰনাথ,ওমকাৰেশ্বৰ , মহাকালেশ্বৰ, সোমনাথ, ঘুন্মেশ্বৰ, মল্লিকাৰ্জুন, ত্ৰাম্বকেশ্বৰ,নাগেশ্বৰ আৰু শেষত দক্ষিণভাৰতৰ তামিলনাডুৰ ৰামেশ্বৰম জ্যোতিলিঙ্গ দৰ্শন কৰে।

চাইকেল চলাই যাওঁতে পাহাৰ আৰু দুৰ্গম অঞ্চলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে কেইবাবাৰো চাইকেলখন বেয়া হৈ পৰাত সমস্যাৰ সৃষ্টি হলেও ভগৱানৰ ওপৰত বিশ্বাস ৰাখি তেওঁ আগবাঢ়ি যোৱা বুলি জানিবলৈ দিয়ে । ১৮ খনকৈ প্ৰদেশ অতিক্ৰম কৰা বিবেকক যাত্ৰাপথত বহুলোকে আদৰণি জনায় বুলি জানিবলৈ দিয়ে।

যোৱা ৩০ নৱেম্বৰত ৰামেশ্বৰম জ্যোতিলিঙ্গ দৰ্শনেৰে দ্বাদশ জ্যোতিলিঙ্গ দৰ্শনৰ সামৰণি পৰা বিবেক আজি দুপৰীয়া নগাঁও চহৰত উপস্থিত হয়হি । নগাঁৱৰ সূৰ্য ষষ্ঠী সমাজ কল্যাণ সমিতিয়ে বেবেজীয়াৰ পৰা আদৰি অনা বিবেক সাহানীক নগাঁও চহৰৰ কৃষ্ণাশ্ৰম শিৱমন্দিৰ চৌহদত ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজে আদৰণি জনায়।

উল্লেখ্য যে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বৈদ্যনাথ সাহানী আৰু শিক্ষয়িত্ৰী সুনিতা সাহানীৰ তৃতীয় পুত্ৰ বিবেক সাহানীয়ে চাইকেলেৰে দেশৰ বিভিন্ন স্থানৰ দ্বাদশ জ্যোতিলিঙ্গ দৰ্শন কৰাৰ বাবে নগাঁৱৰ বিভিন্ন দল সংগঠনে ধৰ্মপ্ৰাণ যুৱকজনক অভিনন্দন জ্ঞাপন কৰে ।

Also Read: মহাৰাষ্ট্ৰত গৰম ৰাজনীতি! নবাব মালিকক লৈ ফাডনাভিছ আৰু অজিত পাৱাৰৰ মাজত সংঘাত