সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকী : কল্লোল বক্তৃতা শৃংখলাৰ প্ৰস্তুতি...

সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকী : কল্লোল বক্তৃতা শৃংখলাৰ প্ৰস্তুতি...
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ সাহিত্য জগতৰ শিৰোমণি,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,ৰঙাজিয়াৰ কবি,সাহিত্যচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি নগাঁৱৰ অন্যতম সাংস্কৃতিক গোষ্ঠী 'কল্লোলে 'এলানী কাৰ্যসূচী ৰূপায়ন কৰিব। সেই অনুসৰি চলিত বৰ্ষৰ ২৪ জুলাইৰ পৰা ২০২৫ চনৰ ২৫ জুলাইলৈকে বছৰজোৰা শতবাৰ্ষিকী অনুষ্ঠান উদযাপনৰ দিহা কৰিছে 'কল্লোলে '।

এই কাৰ্যসূচীৰ অংশ হিচাপে মহিম বৰাৰ জীৱন আৰু কৃতি বিষয়ক এক 'কল্লোল বক্তৃতা শৃংখলা ' আৰু আন অনুষ্ঠান অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সাহিত্যচাৰ্য মহিম বৰাৰ গল্প ,কবিতা, উপন্যাস, শংকৰদেৱ চৰ্চা , সমালোচনাত্মক লেখা আদি বিষয়ক বক্তৃতা শৃংখলাৰ উপৰিও মহিম বৰাৰ গল্পৰ চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ প্ৰদৰ্শন ,গল্পৰ নাট্যৰূপ আদিৰে বছৰজোৰা কাৰ্যসূচী ৰূপায়নৰ পৰিকল্পনা কৰিছে 'কল্লোলে '।

এই বক্তৃতা শৃংখলাৰ এটা সংকলন জন্মশতবাৰ্ষিকীৰ অনুষ্ঠানৰ শেষৰফালে ২০২৫ চনৰ ৫ জুলাইত সামৰণি অনুষ্ঠানত প্ৰকাশ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শতবৰ্ষ উৎসৱৰ সকলো কাৰ্যসূচী সফল কৰাৰ বাবে 'কল্লোল'ৰ সাধাৰণ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই সকলোৰে সহযোগিতা কামনা কৰিছে।

সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকী : কল্লোল বক্তৃতা শৃংখলাৰ প্ৰস্তুতি...
মহানগৰীত কৃত্ৰিম বান : সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in