ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলা অবিচি (অন্যান্য পিছপৰা শ্ৰেণী) মৰ্চাৰ উদ্যোগত আৰু ৰাজ্যিক সমিতিৰ সহযোগত বঢ়মপুৰ শ্বহীদ উদ্যানৰ শ্বহীদ ভৱনত দেওবাৰে বিজেপিৰ অবিচি মৰ্চাৰ এক প্ৰবোদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হয়। যোৱা ৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তথা ১৪ এপ্ৰিললৈ হ'বলগীয়া "গাঁৱে গাঁৱে যাওঁ , ঘৰে ঘৰে যাওঁ" শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই প্ৰবোদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হয়।
এই সন্মিলনত বিজেপি চৰকাৰৰ জনমুখী কাৰ্যপ্ৰণালীৰ বিষয়ে বহলাই কয় অবিচি মৰ্চা বিজেপি অসম প্ৰদেশৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বিশাল টেন্দলে। এই কাৰ্যসূচীৰ অংশস্বৰূপে উক্ত অনুষ্ঠানত উপস্থিত লোকসকলৰ মাজত বিভিন্ন প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা হয় । ইয়াৰ পাছতে মৰ্চাৰ উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বঢ়মপুৰৰ চাৰিগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰা হয় ।
উক্ত অনুষ্ঠানত অবিচি মৰ্চাৰ ৰাজ্যিক সম্পাদক কুলদ্বীপ বৰা, মৰ্চাৰ ৰাজ্যিক সদস্যা নমিতা বৰা, মৰ্চাৰ জিলা সভাপতি মৃদুল বৰা, অবিচি মৰ্চাৰ বঢ়মপুৰ মণ্ডলৰ সভাপতি অভিজিত বৰা আদিকে প্ৰমুখ্যে কৰি মৰ্চাৰ বিষয়ববীয়া তথা বিজেপিৰ দলীয় নেতা -কৰ্মী উপস্থিত থাকে।
Also Read: মহানগৰীত আৰক্ষীৰ জালত দুই বাইকচুৰ...