ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ঐতিহাসিক হাতীচোং মৌজাৰ এফলীয়াবড়িস্থিত শ্ৰীশ্ৰী কোটোহা চৰিপোতা সত্ৰৰ সত্ৰাধিকাৰ,আজীৱন শিক্ষাব্ৰতী তথা সুদক্ষ অভিনেতা-খেলুৱৈ প্ৰয়াত গৰ্গদেৱ মহন্তৰ স্মৃতিত গ্ৰন্থ প্ৰকাশ আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। শিক্ষাবিদ তথা সত্ৰাধিকাৰ প্ৰয়াত মহন্তৰ মঙলবাৰে আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ কৰাৰ সমান্তৰালকৈ এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷
শালমৰা মাধ্যমিক বিদ্যালয় আৰু পৰিচালনা সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত এই গ্ৰন্থ উন্মোচনী তথা স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। গ্ৰন্থ উন্মচনী সভাখনত সভাপতিত্ব কৰে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা ৰহা সমষ্টি বিধায়ক শশীকান্ত দাসে।
বিধায়ক দাসে কয়- 'গৰ্গদেৱ মহন্ত আছিল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধক। বৃহত্তৰ শালমৰা অঞ্চলৰ জ্ঞানৰ পোহৰ বিলোৱাসকলৰ অগ্ৰগামী।'
বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন মুক্তিয়াৰে উক্ত সভাৰ উদ্দেশ্য বাখ্যা কৰে। প্ৰাক্তন ছাত্ৰ নেতা পংকজ দাসে সভাৰ আঁত ধৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামীয়ে প্ৰয়াত গৰ্গদেৱ মহন্তই সুদীৰ্ঘ ৩৩ বছৰ যি অপৰিসীম ত্যাগ আৰু সেৱাৰে শালমৰা উচ্চ মাধ্যমিকখনৰ উন্নতি কৰি থৈ গ’ল তাৰ চমু আভাস দাঙি ধৰে ৷
সভাত মুখ্য অতিথিৰ আসনৰ পৰা প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে গৰ্গদেৱ মহন্তৰ সৈতে সুদীৰ্ঘ দিনৰ স্মৃতি ৰোমন্থন কৰে। তেওঁ কয় যে, মানৱজীৱন ক্ষণভঙ্গুৰ হ’লে মূল্যহীন নহয়।
সভাত প্ৰবীণ শিল্পী দেৱ কুমাৰ বৰা আৰু কুজীদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অশোক বৰঠাকুৰে গৰ্গদেৱ মহন্তৰ বহুগুণী প্ৰতিভাৰ কথা উল্লেখ কৰে। আনহাতে স্মৃতিগ্ৰন্থখন উন্মোচন কৰে শালমৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মহেশ্বৰ গোস্বামীয়ে।
প্ৰধান শিক্ষক গোস্বামীয়ে কয় 'প্ৰকাশিত এই গ্ৰন্থখনে গৰ্গদেৱ মহন্তক সদায় আমাৰ মাজত প্ৰজ্জ্বোল কৰি ৰাখিব'। সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি চমু বক্তব্য প্ৰদান কৰে।
শিক্ষাবিদ দধিমোহন বৰা, সমাজকৰ্মী বকুল দেউৰী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ইৰালতা মেধি,জিনু দাস ৰাজখোৱা, বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী অমিয়া ডেকা প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ,পৰিচালনা সমিতিৰ সদস্য পৰমানন্দ হাজৰিকা, প্ৰফুল্ল বৰা, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্য নিৰ্বাহ কল্যাণ কুমাৰ বৰা, জিলা ছাত্ৰ সন্থাৰ উপসভাপতি টুলেন্দ্ৰ পাটৰ, বিশিষ্ট কবি মন্টুমনি বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰূপৰাম বৰা, সাংস্কৃতিক কৰ্মী মান্না ৰাজাকে ধৰি গম্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
মঙলবাৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গৰ্গদেৱ মহন্তৰ সহধৰ্মিনী জিনু মহন্ত , ভাতৃ মনোৰঞ্জন মহন্ত, শশীকান্ত মহন্ত,পুত্ৰদ্বয় মানস মহন্ত, মনোজ মহন্তকে ধৰি পৰিয়ালৰ লোকসকল উপস্থিত থকাৰ লগতে সহায়-সহযোগিতা আগবঢ়ায় ৷ নিশালৈ অসমীয়া ভাওনা “কালীয় দমন” প্ৰদৰ্শন কৰা হয়।
ইফালে অসম সত্ৰমহাসভাৰ পৰম্পৰা অনুসৰি আজি দুপৰীয়া পশ্চিম নগাওঁ জিলা সত্ৰমহাসভাৰ উদ্যোগত এফলীয়াবৰিৰ কোটোহা চৰিপোতা সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ গৰ্গদেৱ মহন্তৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
বটদ্ৰবা সমষ্টিৰ মাজগাঁৱৰ কোচ্ছৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা পশ্চিম নগাঁও জিলা সত্ৰমহাসভাৰ প্ৰাক্তন সভাপতি টংকেশ্বৰ গোস্বামীৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত কৰা হয়। এচৰণ ঘোষাৰে আৰম্ভ হোৱা হোৱা স্মৃতিচাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মাণিক বৰাই।
সভাৰ আৰম্ভণিতে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাৰ সভাপতি তথা সত্ৰাধিকাৰ টংকেশ্বৰ গোস্বামীয়ে। পুষ্পাঞ্জলি অৰ্পণ কৰে কাৰ্যকৰী সভাপতি তথা আমতলা সৌকাজান গজলা সত্ৰৰ ডেকা সত্ৰীয়া থগিত মহন্তই।
সভাত উপস্থিত থাকি উপ সভাপতি পৰমানন্দ দেব গোস্বামী, থগিত মহন্ত, কুশ বৰদলৈ, উৎপল মহন্তকে আদি কৰি ভালে কেইগৰাকী লোকে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীৰ স্মৃতি ৰোমন্থন কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি বক্তব্য আগবঢ়ায়। স্মৃতিচাৰণ সভাত পশ্চিম নগাওঁ জিলা সত্ৰমহাসভাৰ কেইবাগৰাকী বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে।
Also Read: নতুন প্ৰযুক্তিৰ দ্বাৰা ২০ দিনতে সম্পূৰ্ণ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম