বিশিষ্ট শিল্পী অনিমা বৰুৱা শৰ্মাৰ সোঁৱৰণিত গ্ৰন্থ উন্মোচনী সভা

কৰ্মৰ জৰিয়তে জীৱনত আত্ম প্ৰতিষ্ঠাৰ সম্ভৱ : গিৰীন্দ্ৰ কুমাৰ বৰুৱা
বিশিষ্ট শিল্পী অনিমা বৰুৱা শৰ্মাৰ সোঁৱৰণিত গ্ৰন্থ উন্মোচনী সভা

ডিজিটেল সংবাদ, বেবেজীয়াঃ মানুহে আত্ম প্ৰতিষ্ঠাৰ বাবে কৰ্মৰ মাজেদি কাৰ্যক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। অনিমা বৰুৱা শৰ্মা আছিল কৰ্মৰ মাজেদি প্ৰতিষ্ঠা লাভ কৰা এক ভোটা তৰা। এই মন্তব্য আগবঢ়াই বিশিষ্ট শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। বুধবাৰে নগাঁৱৰ শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত গ্ৰন্থ উন্মোচনী সভাত উক্ত মন্তব্য আগবঢ়াই।

গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে। আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰে খগেন চন্দ্ৰ নাথে। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড: কৃষ্ণ কুমাৰ বৰা, সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামী, সাহিত্যিক বিনু লস্কৰ, ডা: লম্বোদৰ হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ শৰ্মা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই নিজৰ ব্যক্তব্য প্ৰদান কৰে।

উল্লেখযোগ্য যে সভাত 'নিজকে ওভটি চাওঁ' শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰে শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। শ্ৰদ্ধাঞ্জলি গ্ৰন্থ 'অমূল্য সুবাস' উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। সভাত বহু সংখ্যক কবিৰ কবিতা পাঠেৰে অনুষ্ঠিত কবি সন্মিলনৰ সঞ্চালনা কৰে গুণ শৰ্মাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ভক্তিমূলক গীতৰ অনুষ্ঠানৰ পৰিচালনা কৰে ড° কৰবী দেৱীয়ে। অনুষ্ঠানৰ শেষত অনিমা বৰুৱা শৰ্মাৰ পৰিয়ালৰ ফালৰ পৰা স্বামী বল্লদেৱ শৰ্মা আৰু কন্যা অভিলেখ শৰ্মাই সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।

বিশিষ্ট শিল্পী অনিমা বৰুৱা শৰ্মাৰ সোঁৱৰণিত গ্ৰন্থ উন্মোচনী সভা
ৰঙিয়াত সন্ধান কলা কৃষ্টি বিকাশ ছ'ছাইটিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in