৩৪৪২ বেগ ইউৰীয়া জব্দ কৰিও ইউৰীয়া চোৰৰ বিৰুদ্ধে ৰহস্যজনক স্থিতি কৃষি বিভাগৰ...

বৰা ফাৰ্টিলাইজাৰৰ পি অ’ এছ মেচিন উদ্ধাৰত ব্যৰ্থ আৰক্ষী
৩৪৪২ বেগ ইউৰীয়া জব্দ কৰিও ইউৰীয়া চোৰৰ বিৰুদ্ধে ৰহস্যজনক স্থিতি কৃষি বিভাগৰ...
৩৪৪২ বেগ ইউৰীয়া জব্দ কৰিও ইউৰীয়া চোৰৰ বিৰুদ্ধে ৰহস্যজনক স্থিতি কৃষি বিভাগৰ...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: চোৰাং ইউৰীয়া সাৰ বেপাৰীক ৰক্ষনাবেক্ষন ৰাজ্যৰ কৃষি বিভাগৰ। ৰাজ সাহাৰ্য যুক্ত ইউৰিয়া সাৰৰ সন্দেহজনক চোৰৰ সন্ধান জাগীৰোডৰ আৰক্ষীয়ে বিচাৰি দিয়াৰ পিছতো ৰাজ্যৰ কৃষি বিভাগৰ চোৰৰ বিৰুদ্ধে নাই কোনো তৎপৰতা। কৃষি মন্ত্ৰী অতুল বৰাও এই ক্ষেত্ৰত ৰহস্যজনক ভাবে নিশ্চুপ।

১০ জুলাইত মৰিগাঁৱৰ জাগীৰোডত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এন এল ০ ২ কিউ ৮০০৯ নম্বৰৰ ট্ৰাকখন জব্দ কৰিছিল। আৰক্ষীৰ হাতত খবৰ আছিল যে ট্ৰাকখনত চোৰাং সামগ্ৰী আছে। আৰক্ষীৰ তালাচীত ট্ৰাক চালকে দাখিল কৰে চালান। চালানত উল্লেখ আছিল নগাঁৱৰ হয়বৰগাওঁ এম এছ বৰা ফাৰ্টিলাইজাৰ ষ্টোৰে জৈবিক সাৰ বিক্ৰিৰ বাবে মেঘালয়ৰ এক প্ৰতিস্হানলৈ প্ৰেৰণ কৰিছে ।

আৰক্ষীয়ে জৈবিক সাৰৰ চালন দেখি গোপন তথ্য যোগানকাৰীৰে যোগাযোগ কৰে আৰু কোনো চোৰাং সামগ্ৰী নোপোৱাৰ কথা জনোৱাত খবৰীয়াই পুনৰ জনায় যে ট্ৰাকত জৈবিক সাৰ নাই। আছে ৰাজসাহাৰ্য যুক্ত নগাৱঁৰ কৃষকৰ বাবে অহা ইউৰীয়া সাৰ।

মেঘালয়ৰ হৈ বাংলাদেশত বিক্ৰিৰ বাবে নকল চালানেৰে ইউৰীয়া সাৰ সৰবৰাহ কৰা হৈছে। এখন ট্ৰাকতে নহয় একাধিক ট্ৰাকত সেই সাৰ নগাঁৱৰ বৰা ফাইটিলাইজাৰ ষ্টোৰৰ পৰা নিয়া হৈছে। আৰক্ষীয়ে মাত্ৰ এখন ট্ৰাকহে ধৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে লগে লগে ট্ৰাকত মজুত থকা বস্তা প্ৰত্যক্ষ কৰাত ৩০০ বেগ জৈবিক সাৰৰ বিপৰীতে ৰাসায়নিক ইউৰীয়া সাৰ উদ্ধাৰ কৰি জব্দ কৰে ।

আৰক্ষীয়ে লগে লগে ট্ৰাকৰ চালক জনক গ্ৰেপ্তাৰ কৰে আৰু নগাঁৱৰ হয়বৰগাঁৱৰ জনৈক বিভূতি ভূষন বৰাৰ সন্ধান বিচাৰে। আৰক্ষীৰ সন্দেহ ইউৰীয়া সাৰৰ চোৰাং বেহা চলোৱা মাষ্টাৰ মাইণ্ড বিভূতি ভূষন।

ট্ৰাক জব্দৰ খবৰ পোৱাৰ পিছতে পলায়ন কৰে বিভূতি ভূষনে। লগতে সমগ্ৰ ঘটনা মেনেজ কৰিবলৈ এজন ভাতৃক দায়িত্ব দিয়ে। সেই মৰ্মে বৰাৰ ভাতৃজনে ৰাজনৈতিক নেতা, আৰক্ষী শীৰ্ষ বিষয়, কৃষি বিষয়া, অধিবক্তা আদিৰে যোগাযোগ কৰা আৰম্ভ কৰি দিয়ে ।

১০ জুলাইত চোৰাং ইউৰীয়া ট্ৰাক জব্দ কৰাৰ পিছত মৰিগাঁও আৰক্ষী আৰু নগাওঁ কৃষি বিষয়া কাৰ্যালয়ে নগাঁৱৰ হুজগাঁৱত থকা এম এছ বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ দুটা ভড়ালত অভিযান চলায় ১৮ জুলাইত। দণ্ডাধীশৰ উপস্হিতিত চলোৱা অভিযানত আৰক্ষীয়ে এটা ভড়ালত ৬৩৭ বেগ ইউৰীয়া জব্দ কৰে।

৬৩৭ বেগ ইউৰীয়া আৰক্ষীয়ে জব্দ কৰি নগাঁৱৰ কৃষি বিভাগৰ জিম্মাত দি বিষয়টি ৰাজহুৱা কৰে যদিও আনটো ভড়ালত জব্দ কৰা তথ্য গোপন কৰে। জানিব পৰা মতে এম এছ বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ আনটো ভড়ালত আৰক্ষীয়ে মজুত কৰি ৰখা ২৫০৫ বেগ ইউৰীয়া সাৰৰ বেগ জব্দ কৰিছিল। এই বৃহৎ সংখ্যক সাৰৰ বেগৰ কথা অভিযানকাৰী দলে গোপন কৰি ৰাখিব বিছৰা ঘটনা ৰহস্য জনক ।

জানিব পৰা মতে বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ স্বতাধিকাৰী হৈছে ৰঞ্জু মনি শইকীয়া বৰা। ৰঞ্জু মনি শইকীয়া বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নং হৈছে ১৩৬/ ২০২৪ (ভাৰতীয় ন্যায় সংহিতা ২০২৩ৰ অধীনত ৬১/৩১৬(৩) ৩১৮(৪)) । ১৮ জুলাই পৰ্য্যন্ত ৰঞ্জু মনি শইকীয়া বৰাক বিচাৰি নাপালে আৰক্ষীয়ে ।

আৰক্ষীয়ে ট্ৰাকৰ লগতে দুটিকৈ ভড়ালত সৰ্বমুঠ ৩৪৪২ টা ইউৰীয়া সাৰৰ বেগ জব্দ কৰাৰ পিছত বৰ্তমান সমগ্ৰ তদন্ত প্ৰক্ৰিয়া স্তিমিত হৈ পৰিছে । এম এছ বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ পি অ’ এছ মেচিনটো উদ্ধাৰ কৰিব নোৱাৰাৰ গইনা লৈ আৰক্ষী , কৃষি বিভাগৰ তদন্ত ৰৈ যোৱাটো ৰহস্যজনক।

৩৪৪২ বেগ ইউৰীয়া জব্দ কৰিও ইউৰীয়া চোৰৰ বিৰুদ্ধে ৰহস্যজনক স্থিতি কৃষি বিভাগৰ...
বঢ়মপুৰত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in