ডিজিটেল সংবাদ, বঢ়মপুৰ: ৰাজ্যত বিধানসভা ভিত্তিত উপজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে আন ঠাইত সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি প্ৰচাৰ চলোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।
ৰাজ্যৰ অনান্য উপজিলাসমূহৰ সমান্তৰালকৈ বঢ়মপুৰ উপজিলাটো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উপজিলাখনৰ সদৰ কাৰ্যালয়টো সমষ্টিটোৰ মধ্যভাগত স্থাপন কৰাৰ বিপৰীতে সমষ্টিটোৰ সীমামূৰীয়া অঞ্চল কামপুৰত স্থাপন কৰিবলৈ লোৱা পদক্ষেপক সমষ্টিটোৰ ৰাইজে সহজভাৱে ল'ব পৰা নাই। এই সন্দৰ্ভত বঢ়মপুৰ অৱসৰপ্ৰাপ্ত নাগৰিক মঞ্চৰ এটা সজাতি দলে বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
সজাতি দলটোত আছিল নাগৰিক মঞ্চৰ সভাপতি মুকুল চন্দ্ৰ বৰা, সাধাৰণ সম্পাদক প্ৰদীপ শইকীয়া আৰু মুখ্য উপদেষ্টা লীলাধৰ বৰা, হীৰেন বৈৰাগী, হৰেন্দ্ৰ নাথ ফুকন আৰু অনিল ভূঞা। স্মাৰক পত্ৰ প্ৰদান কৰি মঞ্চৰ সাধাৰণ সম্পাদক প্ৰদীপ শইকীয়াই কয় যে - "চৰকাৰী পক্ষই বঢ়মপুৰ উপজিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপনৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব লাগে । চৰকাৰৰ এটা ভুল সিদ্ধান্তই যদি জনতাক অসুবিধাৰ মাজলৈ ঠেলি দিয়ে তেন্তে এই সিদ্ধান্ত সৰ্বকালৰ বাবে ভুল সিদ্ধান্ত লোৱা হ'ব। সেয়েহে চৰকাৰী পক্ষই জনতাৰ সুবিধাৰ বাবে সমষ্টিটোৰ মধ্যভাগত কৰিব লাগে।