ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ দ্বিতীয় বৰ্ষপূৰ্তি: ধৰ্ম কান্ত মহন্তক সমাজৰত্ন বঁটা প্ৰদান...

ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ দ্বিতীয় বৰ্ষপূৰ্তি: ধৰ্ম কান্ত মহন্তক সমাজৰত্ন বঁটা প্ৰদান...

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ দ্বিতীয় বৰ্ষপূৰ্তি: ধৰ্ম কান্ত মহন্তক সমাজৰত্ন বঁটা প্ৰদান...

ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ দ্বিতীয় বৰ্ষপূৰ্তি: ধৰ্ম কান্ত মহন্তক সমাজৰত্ন বঁটা প্ৰদান...

ডিজিটেল সংবাদ নগাওঁঃ বৃহস্পতিবাৰে নগাঁও বাইপাছৰ ৰিফ্ৰেএছক' হোটেলৰ সভা গৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত হয় জিলাখনৰ অগ্ৰনী চকু চিকিৎসালয় ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ দ্বিতীয় বৰ্ষপূৰ্তি । চিকিৎসক ভাস্বতী শৰ্মাই আঁতধৰা অনুষ্ঠানটো আৰম্ভ কৰে গুৰুজনাৰ অমৰ সৃষ্টি বৰগীতৰ মাজেৰে।

ইয়াৰ পাছতে চিকিৎসালয়খনৰ সকলো কৰ্মীয়ে পৰিবেশন কৰে সুধাকন্ঠৰ কালজয়ী গীত- মানুহে মানুহৰ বাবে। বিদেশত চকু চিকিৎসা গ্ৰহণ কৰি পাঁচ বছৰৰ আগতে নগাঁৱত আনুষ্ঠানিকভাৱে চকু চিকিৎসা সেৱা আগবঢ়ায় লাভ কৰা জীৱনৰ অভিজ্ঞতাৰে নগাঁও চহৰৰ মাজমজিয়াত জন্ম দিয়া ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰাই চিকিৎসক পি কে গৌতমে।

লগতে অত্যাধুনিক যন্ত্ৰাংশ সংযোজনে মধ্য অসমৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আই কেয়াৰক উন্নত চকু চিকিৎসালয়ত পৰিণত কৰাত নগাঁওবাসীৰ সহযোগিতাৰ কথা ভূয়সী প্ৰশংসা কৰে স্বত্বাধিকাৰী ডাক্তৰ পি কে গৌতমে। নগাঁও চহৰখন আন্তঃগাঁথনিৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চৰকাৰী আৰু বে চৰকাৰী বহু কেইটা পদক্ষেপ গ্ৰহণৰ কথা প্ৰকাশ কৰে সভাত বিশিষ্ট অতিথিৰ আসন সোঁৱণি কৰা সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

নগাঁও মেডিকেল কলেজৰ লগতে পূৰ্বৰ জিলাখনৰ ছহিদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ক আৰু উন্নত কৰি এখন নগৰীয়া স্বাস্থ্য কেন্দ্ৰ সংযোজনৰ কথা প্ৰকাশ কৰে বিধায়ক শৰ্মাই। লগতে চিকিৎসক পি কে গৌতমৰ ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ অত্যাধিক যন্ত্ৰাংশ সংযোজনে মধ্য অসমৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন মাত্ৰ প্ৰদান কৰিব বুলি বিধায়ক ৰূপক শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে।

সভাৰ শেষত নগাঁও জিলাৰ ৰাইডঙীয়াৰ ভাটীখণ্ডৰ বয়োজ্যেষ্ঠ শিল্পী ধৰ্মকান্ত মহন্তক প্ৰদান কৰে গীতাধ্যায় কামাখ্যা চৰণ ঠাকুৰ সমাজ ৰত্ন বঁটা। লগতে ব্ৰহ্মপুত্ৰ আই কেয়াৰৰ বৰ্ষশ্ৰেষ্ঠ কৰ্মচাৰী বঁটা প্ৰদান কৰা হয় হেম প্ৰভা শইকীয়াক।

নগাঁও জিলাৰ আই এছ এৰ সভাপতি ডা: অবিৰন বৰা, ডাকঘৰৰ অধীক্ষক দেৱাশীষ গোস্বামী, বিশিষ্ট সমাজকৰ্মী অমিতাভ বৰা, ডা: কে কে দাস বিধায়ক ৰূপক শৰ্মা আৰু প্ৰতিদিন টাইমৰ সাংবাদিক বীৰেণ বৰা উপস্থিত থাকি সভাৰ সৌস্তভ বৃদ্ধি কৰে।

Also Read: নামাজ আদায়লৈ যোৱাৰ অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...

ব্ৰহ্মপুত্ৰ আই কেয়াৰ