নগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰম্ভ

নগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰম্ভ

প্ৰব্ৰজিত লোকৰ লগতে বহিঃ ৰাজ্যৰ পৰা অহা বহিঃৰাগতৰ পৰাও খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব হৈছে : পলাশ চাংমাই
Published on

ডিজিটেল সংবাদ,নগাঁও : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনি শুকুৰবাৰৰ পৰা নগাঁও চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । পুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়িত কৰাৰ পাছত সতীৰ্থ স্মৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।

পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা এই সতীৰ্থ স্মৰণ মুকলি কৰে। ইয়াৰ পাছত প্ৰতিনিধি পঞ্জীয়ন আৰু প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়।

পতাকা উত্তোলন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয়- "কালি অসম বিধানসভাত কেবাখনো আইন গৃহীত কৰা হৈছে। তাৰে এখন আইন আছিল ভূমি সম্পৰ্কীয় আইন। আইনখনক কোৱা হৈছে আসাম লেণ্ড ৰেগুলেচন এক্ট।

প্ৰকৃতাৰ্থত এই আইনখনত গোৱালপাৰাৰ একাংশ ভূমি, মাজুলী আৰু বৰদোৱা সত্ৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক সামৰি যি সংৰক্ষণৰ ব্যৱস্থা কৰিছে আংশিকভাৱে সেই কথাটো আচলতে আংশিকভাৱে চৰকাৰে কৰিছে আৰু প্ৰতিনিধিসকলেও আংশিকভাৱে সমৰ্থন কৰিছে।

আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভূমি সম্পৰ্কত কেতিয়াও আংশিক আইন বিচৰা নাই। আমি এখন পূৰ্ণ পৰ্যায়ৰ আইন বিচাৰিছিলো। যিখন আইনৰ জৰিয়তে খিলঞ্জীয়া মানুহ সুৰক্ষিত হয় । যিখন আইনৰ জৰিয়তে বহিঃৰাগত আৰু প্ৰব্ৰজিত মানুহে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হয়।"

শেহতীয়াকৈ ৰাজ্যখন উত্তাল কৰি ৰখা মিঞা প্ৰসঙ্গত তেওঁ কয়- "এই কেইদিন খুবেই মিঞা প্ৰসংগতো আলোচিত হৈছে। অৰ্থাৎ বংগমূলীয় যি বিলাক প্ৰব্ৰজিত নাগৰিক সেই সম্পৰ্কে খুব বেছি আলোচিত হৈছে।

৩১ আগষ্টৰ পুৱা ১১ বজাত সমন্বয় সাংস্কৃতিক যাত্ৰা উলিওৱা হ'ব। অসমৰ বিভিন্ন জাতি - জনগোষ্ঠীৰ কৃষ্টি -সংস্কৃতিৰে উজলি উঠিব সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য , বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথ , দীপলীনা ডেকা , পাপৰি গগৈ আৰু অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। বিয়লি ৩ বজাৰ পৰা প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব উপদেষ্টা ক্ৰমে কমল ভৰালী , পুলক বৰা , ৰঞ্জিত চাংমাই আৰু হেমেন চক্ৰৱৰ্তীয়ে‌।

১ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা প্ৰতিনিধি সভাৰ অন্তিম বৈঠক অনুষ্ঠিত হ'ব। এই প্ৰতিনিধি সভাত অসমৰ সাম্প্ৰতিক পৰিস্থিতি , পৰিষদৰ ভবিষ্যত কাৰ্যপন্থা আদিৰ বিষয়ে আলোচনা কৰা হ'ব। ৰাজ্যখনৰ বিভিন্ন জিলাৰ সহস্ৰাধিক প্ৰতিনিধিয়ে এই অধিবেশনত অংশগ্ৰহণ কৰিছে।

নগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰম্ভ
টেঙাখাতত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in