ডিমৌত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত ডিমৌ

author-image
Asomiya Pratidin
New Update
ডিমৌত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য তথা সাহসৰ প্ৰতীক 'বিশ্ব মহাবীৰ চিলাৰায়'ৰ ৫১৪ সংখ্যক জন্ম জয়ন্তী দিৱসটি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যৌথ উদ্যোগত আৰু নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে শনিবাৰে এদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ শিক্ষা-সংস্কৃতিৰ সংগমস্থলী ডিমৌ চাৰিআলিত উদযাপনৰ আয়োজন কৰা হয় ।

কাৰ্যসূচী অনুসৰি ২৪ ফেব্ৰুৱাৰীৰ পুৱা উদযাপন সমিতিৰ সভাপতি ললিত চন্দ্ৰ ডেকাৰ দ্বাৰা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি হয় । ইয়াৰ পিছতেই সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি ক্ষিতীশ বৰ্মণ, বলোৰাম বৰ্মণ, দ্বীপেন ৰায়, আৰু অতুল বৰ্মণে । ইয়াৰ পিছতে চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ সেনাধ্যক্ষ নিতেন ৰাজবংশী, ৰাজু বৰ্মণ, আৰু দেৱৰাজ মণ্ডলে ।

সদৌ কোচঁ ৰাজবংশী ছাত্ৰ সন্থাৰ মহিলা সমিতিৰ পতাকা উত্তোলন কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মহিলা সমিতিৰ সভানেত্ৰী মালতী ৰায়, ৰঞ্জিতা ৰায়, আৰু কনিকা বৰুৱাই । ছহিদ তৰ্পণ কাৰ্যসূচীৰ সমাপন কৰে আক্ৰাছুৰ সম্পাদক ক্ৰমে হেমন্ত বৰা, সোণধৰ ৰায়, কেশৱ ৰায়, যুটীয়া সম্পাদক পাৰ্থজ্যোতি বড়া, কপিল সিংহ, আক্ৰাছুৰ মহিলা সমিতিৰ সম্পাদিকা মৃদুস্মিতা ৰায়ে ।

পৰৱৰ্তী কাৰ্যসূচীত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সুভাষ ডেকাই । ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা শিল্পী শিৱনাৰায়ণ বৰাই । বিয়লি মুকলি সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানৰে দিনযোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰিব ৷

Also Read: গৌৰীপুৰত সুদখোৰৰ অতপালি

bebejiya chilarai divash