বাৰপূজীয়াৰ সত্ৰাধিকাৰ-সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামী আৰু নাই

বাৰপূজীয়াৰ সত্ৰাধিকাৰ-সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামী আৰু নাই
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়া : বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ অগ্ৰণী সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামী আৰু নাই। ২৪ জুলাই সন্ধিয়া নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত গোস্বামীয়ে ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৯৫ বছৰ।

তেখেতৰ মৃত্যুত কেৱল বাৰপূজীয়া বুলি নহয়, নগাঁও - মৰিগাঁও জিলাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে বাৰপূজীয়া শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ কুমাৰ ডেকাই । প্ৰয়াত গোস্বামীয়ে শিক্ষকতা বৃত্তিৰে প্ৰতিষ্ঠিত যদিও একেধাৰে নাট্যকাৰ, অভিনেতা, কবি - সাহিত্যিক, আৰু আঁহতগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল।

বিশিষ্ট কবি চন্দন গোস্বামীৰ পিতৃ প্ৰয়াত চিত্তৰঞ্জন গোস্বামীয়ে ভিন্ন ধৰ্মী ৯ খনকৈ মূল্যবান গ্ৰন্থ ৰচনা কৰাৰ উপৰিও " বৈষ্ণৱী অভিধান" নামৰ আন এখনি অতি মূল্যৱান গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভড়াল চহকী কৰি থৈ যায়। আজি পুৱাই তেখেতৰ বাসগৃহত বাৰপূজীয়া শাখা সাহিত্য সভা, বাৰপূজীয়া যোগনিয়াৰ সমবায় সমিতি, বাৰপূজীয়া আঞ্চলিক ক্ৰীড়া সংস্থা, বাৰপূজীয়া পেনচনাৰ সংস্থা, বাৰপূজীয়া মজলীয়া বিদ্যালয়ৰ শিক্ষক গোট আদি বিভিন্ন দল সংগঠনৰ লগতে বহুতো শিষ্য আৰু গুণমুগ্ধ সকল উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেখেতে চাৰি গৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান , বোৱাৰী নাতি আদি বহুতো আত্মীয়ক এৰি থৈ যায়।

বাৰপূজীয়াৰ সত্ৰাধিকাৰ-সমাজকৰ্মী চিত্তৰঞ্জন গোস্বামী আৰু নাই
কাৰ্গিল বিজয় উৎসৱ : মঙলদৈত বিনামূলীয়া চিকিৎসা শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in