বঢ়মপুৰৰ বৰবাৰীত শিক্ষানুষ্ঠানৰ সন্মুখতে দশম শ্ৰেণীৰ ছাত্ৰক লোহাৰ ৰ'ডৰে প্ৰহাৰ

স্থানীয় ৰাইজ, শিক্ষকৰ তৎপৰতাত আহত ছাত্ৰজনক চিকিৎসালয়লৈ প্ৰেৰণ
বঢ়মপুৰৰ বৰবাৰীত শিক্ষানুষ্ঠানৰ সন্মুখতে  দশম শ্ৰেণীৰ ছাত্ৰক লোহাৰ ৰ'ডৰে প্ৰহাৰ
বঢ়মপুৰৰ বৰবাৰীত শিক্ষানুষ্ঠানৰ সন্মুখতে দশম শ্ৰেণীৰ ছাত্ৰক লোহাৰ ৰ'ডৰে প্ৰহাৰ
Published on
Updated on

ডিজিটেল সংবাদ, বঢ়মপুৰ: দৰং জিলাৰ ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰক বিদ্যালয়তে জ্যেষ্ঠ ছাত্ৰই মৰিয়াই হত্যা কৰাৰ শিহৰণকাৰী কাণ্ড আৰু যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ দহোটিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এদল ছাত্ৰই এজন ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি নগাঁও জিলাৰ বঢ়মপুৰ বৰবাৰীত এজন ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হয়। বৰবাৰীৰ পাৰুল বালা গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্র কপিল বৰাক পৰীক্ষা দিবলৈ আহি থকা অৱস্থাত মৃদুল আলি নামৰ এজন যুৱকে লোহাৰ ৰ'ডৰে প্ৰহাৰ কৰে।

ফলত যুৱকজন গুৰুতৰভাবে আহত হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাক স্থানীয় ৰাইজে সহজভাৱে ল'ব বিচৰা নাই।

জানিব পৰা মতে পেট্ৰ'ল ডিপোত বাইকত তেল ভৰাবলৈ অহা মৃদুল আলিৰ লগত ছাত্ৰজনৰ কিছু কথাৰ বাবে তৰ্ক হৈছিল। ইয়াতে ক্ষুন্ন হৈ মৃদুল আলিয়ে ছাত্ৰজনক প্ৰহাৰ কৰে।

ছাত্ৰজনৰ লগত মৃদুলৰ পূৰ্বতেও কাজিয়া লাগিছিল বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজ আৰু সাংবাদিকৰ তৎপৰতাত প্ৰধান শিক্ষকে ছাত্ৰজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে।

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আজি বিদ্যালয়খনৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱাত শিক্ষক -শিক্ষয়িত্ৰী, স্থানীয় সচেতন মহলে আচৰ্য প্ৰকাশ কৰিছে।

এই ঘটনাক সকলোৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰীক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনোৱাৰ লগতে শিক্ষাৰ্থীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰো দাবী জনায়।

বঢ়মপুৰৰ বৰবাৰীত শিক্ষানুষ্ঠানৰ সন্মুখতে  দশম শ্ৰেণীৰ ছাত্ৰক লোহাৰ ৰ'ডৰে প্ৰহাৰ
Emergency, Kangana Ranaut: মুক্তিৰ বাবে চেঞ্চৰ ব'ৰ্ডে নিদিয়ে অনুমতি পত্ৰ, যদিহে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in